হাস্পতালত ভূত! কাৰ সৈতে কথা পাতিলে হাস্পতালৰ নিৰাপত্তাৰক্ষীয়ে? ভাইৰেল ভিডিঅ’ই তুলিছে খলকনি…

হাস্পতালত ভূত! কাৰ সৈতে কথা পাতিলে হাস্পতালৰ নিৰাপত্তাৰক্ষীয়ে? ভাইৰেল ভিডিঅ’ই তুলিছে খলকনি…

November 23, 2022 Off By NEWS DESK

ডিজিটেল ডেস্কঃ আধুনিক যুগত ভূতৰ স্থান কেৱল গল্প-উপন্যাস আৰু চিনেমাতে সীমাবদ্ধ। কিন্তু তাৰ পিছতো ভূত বুলি ক’লেই যেন শিঁয়ৰি উঠে মানুহৰ মন।

শেহতীয়াকৈ এনে এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ ফলত স্তম্ভিত হৈ পৰিছে নেট ব্যৱহাৰকাৰী। আৰ্জেণ্টিনাৰ এখন চিকিৎসালয়ৰ এটা ভিডিঅ’ত এজন নিৰাপত্তাৰক্ষীয়ে ভূতৰ সৈতে কথা পাতি থকা দেখা গৈছে। ভিডিঅ’টোক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নেট ব্যৱহাৰকাৰীয়ে।

ভাইৰেল ভিডিঅ’টোত চিকিৎসালয়ৰ এজন কৰ্মচাৰীয়ে অদৃশ্য এজন ব্যক্তিৰ লগত কথা পাতি থকা দেখা গৈছে! আৰ্জেণ্টিনাৰ চিকিৎসালয়খনৰ ‘ভূত’ ৰোগীৰ সৈতে নিৰাপত্তাৰক্ষীৰ এই কথোপকথন এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

ভিডিঅ’টোৰ কেপচনত দাবী কৰা হৈছে যে এইটো পুৱা ৩ বজাত ফিনোচিট্টো চেনেটৰিয়ামৰ এটা ব্যক্তিগত কেয়াৰ চেণ্টাৰৰ ফুটেজ।

সেই সময়ত নিৰাপত্তাৰক্ষীজন চিকিৎসালয়ৰ ৰিচেপশ্যনত অকলে বহি আছিল। সেই মুহূৰ্ততে হঠাৎ হাস্পতালৰ অটোমেটিক কাঁচৰ দুৱাৰখন খোল খায়।

ভিডিঅ’টোত দেখাৰ দৰে নিৰাপত্তাৰক্ষীজনে চকীৰ পৰা উঠি আগবাঢ়ি যায়। আৰু এজন অদৃশ্য ব্যক্তিৰ লগত কথা পাতে।

আনহাতে পুৱা নিৰাপত্তাৰক্ষীজনক এই সন্দৰ্ভত সোধা-পোছা কৰাত তেওঁ কোৱা নামটো শুনি হতভম্ব হৈ পৰে চিকিৎসালয়খনৰ চিকিৎসক-নাৰ্চ।

চিকিৎসালয় কৰ্তৃপক্ষৰ মতে, নিৰাপত্তাৰক্ষীজনে যিগৰাকী মহিলা ৰোগীৰ নাম কৈছিল, তেওঁৰ এদিন পূৰ্বে মৃত্যু হয় হাস্পতালখনতে। আৰু তাৰ পিছতে নিৰাপত্তাৰক্ষী আৰু ভূতৰ মাজৰ কথপোকথনে চৰ্চা লাভ কৰে।

অৱশ্যে বহুতে ভূতৰ দাবী মানি ল’বলৈ সন্মত নহয়। অনেকৰ মতে, ভিডিঅ’টো ভাইৰেল কৰাৰ বাবেই ভূতৰ কাহিনী ৰচনা কৰা হৈছিল। আচলতে নিৰাপত্তাৰক্ষীয়ে মিছা কথা কৈছে। তেওঁ কাকো দেখা নাই।

কিন্তু তাৰ পিছত প্ৰশ্ন উত্থাপন হয়, অটোমেটিক দুৱাৰখন কেনেকৈ খোল খালে সেই মুহূৰ্তত? অৱশ্যে ইয়াৰ উত্তৰ এতিয়াও ৰহস্যৰ আৱৰ্তত।