হায়ৰে মানৱতা! কোচ জাতিৰ ছোৱালী বিয়া কৰোৱাৰ বাবেই মৃত্যুৰ পিছতো গাঁওবাসীয়ে সৎকাৰ নকৰিলে অতুল শৰ্মাৰ মৃতদেহ, নৈৰ পাৰত পুতি থ’বলগীয়া হ’ল পত্নীয়ে

হায়ৰে মানৱতা! কোচ জাতিৰ ছোৱালী বিয়া কৰোৱাৰ বাবেই মৃত্যুৰ পিছতো গাঁওবাসীয়ে সৎকাৰ নকৰিলে অতুল শৰ্মাৰ মৃতদেহ, নৈৰ পাৰত পুতি থ’বলগীয়া হ’ল পত্নীয়ে

August 12, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ মানুহে মানুহৰ কথা কোৱা এইখন সমাজত সামাজিক সংকীৰ্ণতাই বহুবাৰ চৰ্চা লাভ কৰিছে। কেতিয়াবা যদি গাহৰি বা মুৰ্গীৰ ব্যৱসায় কৰাৰ বাবে কোনোবা পৰিয়ালক এঘৰীয়া কৰা হৈছে, আন কেতিয়াবা আকৌ অইন ধৰ্মৰ মাজত সম্পন্ন হোৱা বিবাহৰ বাবে কৰা হৈছে এঘৰীয়া।

এইবাৰ সমাজৰ একাংশ লোকৰ সংকীৰ্ণ মনোভাৱৰ বাবেই মৃত্যুৰ পিছতো হিন্দু ৰীতি-নীতিৰে শেষ কৃত্য সম্পন্ন কৰা নহ’ল এজন ব্যক্তিৰ।

ব্ৰাহ্মন সম্প্ৰদায়ৰ সেই ব্যক্তিজনৰ অপৰাধ আছিল- জীয়াই থাকোতে তেওঁ এগৰাকী কোচ সম্প্ৰদায়ৰ যুৱতীক বিয়া কৰোৱাইছিল।

এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দৰং জিলাত। মঙলবাৰে দৰঙৰ পতালসিংপাৰাৰ গণক চুবাৰ নিৱাসী অতুল শৰ্মাৰ মৃত্যুৰ পিছত তেওঁৰ মৃতদেহ সৎকাৰ কৰিবলৈ কোনো নহাত উপায়ন্তৰ হৈ পত্নীয়ে মৃতদেহ পুতি থ’বলগীয়া হয়। সামাজিক সংকীৰ্ণতাৰ বলি হৈ এনেদৰে এজন হিন্দু ধৰ্মৰ ব্যক্তিক পুতি থ’বলগীয়া হোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে।

দৰাচলতে এই ঘটনাৰ আৰম্ভণি ঘটিছিল ২৭ বছৰ পূৰ্বেই। ব্ৰাহ্মন সম্প্ৰদায়ৰ অতুল শৰ্মাই উচ্চ বৰ্ণৰ হৈও ২৭ বছৰ পূৰ্বে বিয়া কৰোৱাইছিল প্ৰণীতা দেৱী নামৰ এগৰাকী কোচ সম্প্ৰদায়ৰ যুৱতীক। যাৰ বাবে সমাজৰ দৃষ্টিত সদায় এলাগী হৈ পৰিছিল অতুল শৰ্মা।

বিগত ২৭ বছৰে সমাজে প্ৰায় এঘৰীয়া কৰিয়েই ৰাখিছিল অতুল শৰ্মা আৰু তেওঁৰ পৰিয়ালটোক।

অঞ্চলটোৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান-প্ৰতিষ্ঠানেই হওঁক বা সকাম-নিকামেই হওক, এই সকলোবৰত উপস্থিত থকাত বাধা আছিল অতুল শৰ্মা আৰু তেওঁ পৰিয়ালটোৰ।

কিন্তু জীয়াই থাকোতে সমাজৰ পৰা লাভ কৰা অৱহেলাই যেন মৃত্যু পিছতো লগ নেৰিলে অতুল শৰ্মাৰ! মঙলবাৰে অতুল শৰ্মাৰ মৃত্যুৰ পিছত পত্নী প্ৰণীতা দেৱী আৰু ল’ৰা-ছোৱালীয়ে তেওঁৰ মৃতদেহ সৎকাৰ কৰিবলৈ গাঁওবাসীক কাবৌ-কাকুতি কৰাৰ পিছতো কোনো উপস্থিত নহ’ল তেওঁলোকৰ চোতালত।

গাঁওবাসীৰ মতে, নিম্ন বৰ্গৰ যুৱতীক বিয়া কৰোৱা অতুল শৰ্মাৰ মৃতদেহ সৎকাৰ কৰা দূৰৈৰ কৰা, তেওঁলোকে মৃতদেহটোও নোচোৱে।

যাৰ বাবে উপায়ন্তৰ হৈ প্ৰণীতা দেৱীয়ে তেওঁৰ ভাতৃৰ সহযোগত কেনেবাকৈ মৃতদেহটো নৈৰ পাৰলৈ নি গাত খান্দি পুতি থয়।

একবিংশ শতিকাৰ আধুনিক যুগতো ধৰ্ম আৰু জাতিৰ নামত এনেদৰে একাংশ লোকে সংকীৰ্ণ মনোভাৱ পোষণ কৰা কাৰ্যই স্বাভাৱিকতে হতভম্ব কৰিছে সকলোকে।

তদুপৰি এনে ধৰণৰ সংকীৰ্ণ মনোভাৱ দূৰ কৰাৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোকক আগুৱাই আহিবলৈও আহ্বান জনাইছে বিভিন্ন জনে।