হিন্দু আৰু মুছলমান মহিলাই বৃক্ক দান কৰি প্ৰাণৰক্ষা কৰিলে পৰস্পৰৰ স্বামীৰ…

নিউজ ডেস্ক। সমাজত আজিও অব্যাহত ধৰ্মকেন্দ্ৰিক বিবাদ অথবা সংঘাত। ধৰ্মৰ বাবেই বহুতেই কৰে জঘন্য অথবা নিন্দনীয় কৰ্ম।

কিন্তু তেনে সময়তে এক উদাহৰণ দাঙি ধৰিলে দুটা হিন্দু আৰু মুছলমান পৰিয়ালে।

এই জগতত মানৱতাই যে শ্ৰেষ্ঠ ধৰ্ম, তাক সকলোৰে আগত প্ৰমাণ কৰি দিলে তেওঁলোকে।

বিশেষকৈ হিন্দু-মুছলমান পৰিয়াল দুটাৰ দুগৰাকী মহিলাই দাঙি ধৰিলে সেই নিদৰ্শন। অৰ্থাৎ দুয়োগৰাকীয়ে পৰস্পৰৰ স্বামীক প্ৰদান কৰিলে নিজৰ নিজৰ বৃক্ক। এই ঘটনা উত্তৰাখণ্ডৰ।

জানিব পৰা মতে, হিন্দু-মুছলমান পৰিয়ালৰ দুগৰাকী মহিলা সুষমা আৰু চুলতানাই দেখুৱাইছে যে মানৱতাতকৈ শ্ৰেষ্ঠ ধৰ্ম নাই।

দুয়োগৰাকী মহিলাই ইগৰাকীয়ে সিগৰাকীৰ স্বামীক বৃক্ক দি তেওঁলোকৰ জীৱনৰ সংকট আঁতৰ কৰে।

দুয়ো গৰাকীৰ স্বামী আশ্ৰাফ আলী আৰু বিকাশ ইউনিয়াল দুয়োজনৰ ডেৰাডুনৰ হিমালয় চিকিৎসালয় জলিগ্ৰাণ্টত সফলতাৰে বৃক্ক সংৰূপণ কৰা হয়। তেওঁলোক দুয়োজন বৰ্তমান সম্পূৰ্ণ স্বাস্থ্যৱান।

22-09-2021-doctorsteam-22044221

খবৰ অনুসৰি, ডেৰাডুনৰ ডইৱালাৰ বাসিন্দা আশ্ৰাফ আলী (৫১) বৃক্ক বিকল হোৱাৰ বাবে যোৱা দুবছৰ ধৰি হেমোডায়েলাইচিছত আছিল। তেওঁলোকৰ ওচৰত একমাত্ৰ বিকল্প আছিল এটা বৃক্ক সংৰূপণ।

তেওঁৰ পত্নী চুলতানা খাতুনে তেওঁৰ এটা বৃক্ক স্বামীক দিবলৈ সাজু হৈছিল। কিন্তু সেইয়া সম্ভৱ হোৱা নাছিল। কিয়নো তেওঁলোক দুয়োজনৰ তেজৰ গোটৰ মিল নাছিল।

আনকি একে তেজৰ গোট থকা কোনো নিকটাত্মীয় তেওঁলোকৰ পৰিয়ালটোত নাছিল। ঠিক তেনেদৰে আন এজন ৰোগী পাউৰীৰ কোটদ্বাৰৰ বাসিন্দা বিকাশ ইউনিয়াল (৫০), যি একেটা ৰোগত আক্ৰান্ত আছিল।

তেওঁৰো দুয়োটা বৃক্ক বিকল হৈছিল। তেওঁ যোৱা দুবছৰ ধৰি হেমোডায়েলাইচিছত আছিল। বিকাশৰ পত্নী সুষমাইয়ো তেওঁৰ স্বামীক নিজৰ এটা বৃক্ক দিব বিচাৰিছিল। কিন্তু তেওঁৰো সেই একেই সমস্যা। স্বামীৰ সৈতে তেজৰ গোট নিমিলাৰ বাবে তেওঁও বৃক্ক দিব নোৱাৰিলে।

সেয়েহে দুয়োটা পৰিয়ালে এজন দাতা বিচাৰি আছিল। যাৰ তেজৰ গোট মিল থাকে। বাৰে বাৰে হেমোডায়েলাইচিছ প্ৰক্ৰিয়াৰ বাবে তেওঁলোকৰ জীৱনত প্ৰভাৱ পৰিছিল। কিন্তু জীৱন যুঁজ দিয়াৰ দৃঢ় ইচ্ছাই তেওঁলোকক আগুৱাই নিছিল।

সেই সময়তে পৰিয়াল দুটাই এই খবৰ লাভ কৰিলে যে কোনোৱে বৃক্ক দিবলৈ আৰু লবলৈ বিচাৰি আছে। খবৰ লাভ কৰি লগে লগে তেওঁলোকে যোগাযোগ কৰিলে।

222

তেওঁলোক দুয়োৱে পৰস্পৰক বৃক্ক দান কৰিবলৈ সন্মত হল। সেই অনুসৰি তেওঁলোক চিকিৎসকৰ কাষ চাপিল। সৌভাগ্যক্ৰমে চিকিৎসা প্ৰতিবেদনত তেওঁলোকৰ পৰস্পৰৰ স্বামীৰ সৈতে তেওঁলোকৰ তেজৰ গোট মিলে। যাৰ বাবে তেওঁলোকে উভয়ৰ স্বামীক বৃক্ক প্ৰদানৰ সিদ্ধান্ত লয়। সেই অনুসৰি সফল অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে তেওঁলোকৰ বৃক্কৰে স্বামীৰ দেহত বৃক্ক সংৰূপণ কৰা হয়।

এই সন্দৰ্ভত হিমালয়ৰ চিকিৎসালয় জলিগ্ৰাণ্টৰ নেফ্ৰোলজিষ্ট ডাঃ শ্বেহবাজ আহমেদে কয় যে, বৃক্ক দাতা লাভৰ বাবে চেষ্টা কৰি থকা দুয়োটা পৰিয়াল একেলগে লগ হৈছিল। স্বাস্থ্য পৰীক্ষাত প্ৰকাশ পাইছিল যে সুষমাৰ তেজৰ গোট আশ্ৰাফ আৰু চুলতানাৰ তেজৰ গোট বিকাশৰ সৈতে মিল আছে।

দুয়োটা পৰিয়ালে লগে লগে এক আশাৰ ৰশ্মি দেখা পায়। সুষমা আৰু চুলতানাই তেতিয়া ইগৰাকীয়ে সিগৰাকীৰ স্বামীক বৃক্ক দিবলৈ সন্মত হৈছিল। ইয়াৰ পিছত ইউৰোলজী আৰু নেফ্ৰোলজীৰ এটা যুটীয়া দলে বৃক্কৰ এই অদল-বদল সংৰূপণ কৰিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

জ্যেষ্ঠ ইউৰোলজিষ্ট আৰু বৃক্ক সংৰূপণ শল্য চিকিৎসক ডাঃ কিম জে মামিনে কয় যে, বৃক্ক সংৰূপণৰ বাবে উত্তৰাখণ্ড ৰাজ্যিক কৰ্তৃপক্ষ সমিতিৰ পৰা অনুমতি লোৱা হৈছিল। অস্ত্ৰোপচাৰৰ সময়ত চুলতানা আৰু সুষমাই দুটা পৃথক অপাৰেটিং ৰূমত পৃথক দাতা নেফ্ৰেকটমী (বৃক্ক আঁতৰোৱাৰ প্ৰক্ৰিয়া) কৰাইছিল।

ইয়াৰ পিছত চুলতানাৰ বৃক্ক বিকাশ ইউনিয়াল আৰু সুষমাৰ বৃক্ক আশ্ৰাফ আলীলৈ সংৰূপণ কৰা হৈছিল। এই সফল অদল-বদল বৃক্ক সংৰূপণৰ পিছত তেওঁলোকৰ বৃক্কই স্বাভাৱিকভাৱে কাম কৰে। দুয়োটা পৰিয়ালেই বহুত সুখী।

হিমালয় চিকিৎসালয়ৰ জ্যেষ্ঠ ইউৰোলজিষ্ট ডাঃ মনোজ বিশ্বাসে কয় যে, বৃক্ক হৈছে আমাৰ শৰীৰৰ মাষ্টাৰ কেমিষ্ট আৰু হোমিঅ’পেথিক অঙ্গ।

লগতে শৰীৰত তেজ পৰিষ্কাৰ কৰাৰ প্ৰক্ৰিয়া, পানীৰ পৰিমাণ সন্তুলিত কৰা, ৰক্তচাপ, ডায়েবেটিচ নিয়ন্ত্ৰণ কৰা, প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা আৱৰ্জনা বিষাক্ত পদাৰ্থ নিষ্কাশন কৰা আৰু অত্যাৱশ্যকীয় পদাৰ্থ (ভিটামিন, খনিজ, কেলচিয়াম, পটাছিয়াম, ছডিয়াম আদি) শৰীৰলৈ ঘূৰাই নি ই ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰাখে।

Leave a Comment