হিমশীতল বৰফৰ বুকুত মাঘ বিহুৰ বতৰত এপাক নাচিলে BSF জোৱানে, ভাইৰেল ভিডিঅ’

হিমশীতল বৰফৰ বুকুত মাঘ বিহুৰ বতৰত এপাক নাচিলে BSF জোৱানে, ভাইৰেল ভিডিঅ’

January 17, 2022 0 By NEWS DESK

বাপতিসাহোন মাঘ বিহুৰ সময়ত ঘৰৰ পৰা নিলগত থকাৰ বেদনা কিমান সেয়া প্ৰতিজন অসমীয়াই বুজি পায়। হেঁপাহৰ বিহুটিক পৰিয়াল, বন্ধু, আত্মীয়ৰ সৈতে উদযাপনৰ আমেজেই সুকীয়া।

কিন্তু এই সকলোবোৰ সুখৰ পৰা আঁতৰি বিহুৰ বতৰতো দেশ মাতৃৰ বাবে সীমান্তত কৰ্তব্য পালন কৰিবলগা হয় অসমীয়া জোৱানসকলে।

সেই সময়ত তেওঁলোকৰ মনটো বাৰে বাৰে উৰি আহে পৰিয়ালৰ ওচৰলৈ। মেজিৰ জুইকুৰা আৰু ভেলাঘৰৰ কিৰিলিয়ে তেওঁলোকৰ মনৰ ভিতৰতে উকমুকাই উঠে।

কিন্তু তথাপিও বিহুৰ এক সুকীয়া আমেজ আছে। ঢেঁকীৰ মাত নুশুনিলেও, মেজিৰ জুইৰ উত্তাপ গাত নালাগিলেও প্ৰতিজন অসমীয়াৰ মন বিহুৰ বতৰত এক নতুন উচ্ছাসেৰে ভৰি পৰে। বিহুৰ এয়াই বিশেষত্ব।

যাৰ বাবে পৰিয়াল আৰু নিজৰ আপোন মাটিৰ পৰা বহু নিলগত থাকিও হিমশীতল বৰফৰ বুকুত মাঘ বিহুৰ আনন্দত এপাক বিহু নাচিলে বিএছএফত কৰ্মৰত অসমীয়া জোৱানে।

বিএছএফ কাশ্মীৰৰ টুইটাৰ হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰা এটা সৰু ভিডিঅ’ ক্লিপত দেখা গৈছে সীমান্তৰ বৰফাবৃত্ত পাহাৰৰ বুকুত কেইগৰাকীমান বিএছএফ জোৱানৰ বিহু নৃত্য। এই দৃশ্য কাশ্মীৰৰ কুপৱাৰা জিলাৰ কেৰান চেক্টৰৰ।

বিএছএফ কাশ্মীৰে দেওবাৰে ভিডিঅ’টো শ্বেয়াৰ কৰি টুইটাৰত লিখিছে, “চৌদিশে কেৱল বৰফৰ পাহাৰ। ঠেঁটুৱৈ লগা জাৰ। কিন্তু এই সকলোবোৰেও বিএছএফ জোৱানসকলক বিহু নাচিবলৈ বাধা দিব পৰা নাই।”

সীমান্তৰ হিমশীতল পৰিস্থিতিত দেশৰ হকে সেৱাত ব্ৰতী বিএছএফ জোৱানসকলে পৰিয়ালৰ পৰা আঁতৰত থাকিও এনেদৰে মাঘ বিহুৰ এখন্তেক আনন্দ উদযাপনৰ দৃশ্যই আবেগিক কৰি তুলিছে সকলোকে।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ভিডিঅ’ টুইট কৰি কয় যে বৰফাবৃত্ত কাশ্মীৰৰ সুউচ্চ পৰ্বতত প্ৰচণ্ড শীতকাে নেওচি সীমান্তৰ সুৰক্ষাৰ লগতে বিএছএফৰ জােৱানসকলে উলাহেৰে বিহু উদযাপন কৰে।

লগতে চাওকঃ

পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে ভাৰতীয় সেনাৰ জোৱান মিন্টু গগৈয়ে

G2-5