হিমস্খলনত হেৰাই যােৱা অসমৰ দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ…

হিমস্খলনত হেৰাই যােৱা অসমৰ দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ…

October 8, 2022 Off By NEWS DESK

নিউজ ডেস্ক। অৱশেষত আহিল সেই অনাকাংক্ষিত বেয়া খবৰ।

যােৱা ৪ অক্টােবৰত পৰ্বতাৰােহণৰ উন্নত প্ৰশিক্ষণৰ বাবে উত্তৰাখণ্ডলৈ গৈ হিমস্খলনত হেৰাই যােৱা অসমৰ দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ।

শনিবাৰে দীপশিখাৰ লগতে এই হিমস্খলনত সন্ধানহীন হােৱা আন ৬ জন পৰ্বতাৰােহীৰাে মৃতদেহ উদ্ধাৰ কৰে উদ্ধাৰকাৰী বাহিনীয়ে।

উল্লেখ্য যে উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাত সংঘটিত হিমস্খলন সন্ধানহীন পর্বতাৰোহীৰ দলটোৰ এইপর্যন্ত ২৬ গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে।

উদ্ধাৰ হোৱা মৃতদেহসমূহ বৰফাবৃত পর্বতৰ সুউচ্চ শিখৰৰ পৰা হেলিকপ্টাৰেৰে বেছ কেম্পলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া অব্যাহত আছে।

উল্লেখযোগ্য যে যোৱা ৪ অক্টোবৰত উত্তৰ কাশীৰ নেহৰু পৰ্বতাৰোহণ প্ৰতিষ্ঠানৰ ৪১ জনীয়া পৰ্বতাৰোহীৰ দল এটাই ‘দ্রৌপদী কা দাণ্ডা ২ শৃংগ জয় কৰি ওভতাৰ পথত ভয়াবহ হিমস্খলনৰ কবলত পৰিছিল।

এই ঘটনাত নিখোজ হোৱা অসম কন্যা দীপশিখা হাজৰিকাৰ পিতৃ গোলাপ হাজৰিকাই কন্যাৰ সম্ভেদ বিচাৰি ইতিমধ্যে উত্তৰ কাশীৰ নেহৰু পৰ্বতাৰোহণ প্ৰতিষ্ঠানত উপস্থিত হৈছে।

বেংগালুৰুৰ প্ৰতিষ্ঠানত চিভিল ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্রম অধ্যয়নৰত দীপশিখা হাজৰিকাই ক’ভিডৰ বাবে ঘৰলৈ উভতিছিল আৰু তেতিয়াৰে পৰা পৰ্বতাৰোহণৰ ক্ষেত্ৰখনত ওতপ্রোতভাৱে জড়িত হৈছিল।

পূৰ্বতে অসম পর্বতাৰোহণ সন্থাৰ সৈতে জড়িত দীপশিখাই কেইবাবাৰো এনে দুঃসাহসিক অভিযানত অংশ লৈছিল।

শেহতীয়াকৈ তেওঁ উত্তৰ কাশীৰ নেহৰু পৰ্বতাৰোহণ প্ৰতিষ্ঠানৰ নিয়মীয়া প্ৰশিক্ষাৰ্থী হিচাপে যোগদান কৰিছিল।

লগতে চাওকঃ

ৰাখে হৰি..! ৫ দিন ধৰি ভৰ বাৰিষা নৈৰ মাজত উপঙি থাকিও জীৱন্তে উদ্ধাৰ সদ্যােজাত কন্যা শিশু…