হিমাই কম সময়ত অত্যধিক গুৰুত্ব পাইছিলঃ প্ৰশিক্ষক

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত যােগ্যতা অৰ্জনত সফল নহ’ল ধিং এক্সপ্ৰেছ হিমা দাস। ইয়াৰ পাছতে হিমা দাস ৩ মাহৰ বাবে ট্ৰেকৰ পৰা আঁতৰি আছিল। সম্প্ৰতি পুনৰ ট্ৰেকত নামিছে হিমাই।

অৱশ্যে ক’ভিড-১৯ত সংক্ৰমণৰ পাছত পুনৰ সুস্থ হৈ উঠিছে হিমা।

হিমাৰ কেৰিয়াৰ সন্দৰ্ভত দি ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হােৱা সাক্ষাৎকাৰত প্ৰশিক্ষক গালিনা বুখাৰিনাই কয় যে ২੦১৮ ৰ বিশ্ব জুনিয়ৰৰ দৌৰত স্বৰ্ণ পদক অৰ্জন কৰি বিশ্বজুৰি চৰ্চিত হৈ পৰিছিল হিমা দাস। যাৰ বাবে অতি কম সময়ত হিমাই অত্যধিক গুৰুত্ব পাইছিল। উচ্চ প্ৰশংসাৰ প্ৰভাৱ খেলৰ ওপৰত পৰিছিল।

গালিনা বুখাৰিনাই বিশ্বাস কৰে যে এই বিৰতিৰ ফলত হিমাই তেওঁৰ কেৰিয়াৰৰ লক্ষ্যসমূহ পুনৰ মূল্যায়ন কৰিবলৈ সক্ষম হৈছে।

অসম কন্যা গৰাকীক লৈ এতিয়াও গভীৰ আশাবাদী তেওঁৰ প্ৰশিক্ষক গালিনা বুখাৰিনা।

উল্লেখ্য যে যোৱা জুনত আন্তঃৰাজ্যিক মীটত হিমাই ১০০ মিটাৰ দৌৰৰ সময়ত ভৰিত আঘাত পাইছিল, যিয়ে তেওঁক টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনত পথচ্যুত কৰিছিল।

গালিনাই হিমা সন্দৰ্ভত কয় যে, “হিমাই নিজৰ অনুশীলনক গুৰুত্বসহকাৰে লোৱা নাছিল। দুবছৰ ধৰি তেওঁৰ অনুশীলন এনেকুৱা আছিল: দুদিন ভাল, তিনি দিন বেয়া, আৰু এদিন ভাল, দুদিন বেয়া। তেওঁ সদায় নিজৰ বেয়া দিনবোৰৰ ব্যাখ্যা বিচাৰি পাইছিল।”

অৱশ্যে হিমাক লৈ এতিয়াও বহু আশাবাদী প্ৰশিক্ষকগৰাকী।

Leave a Comment