হৃদয়বিদাৰক! প্ৰতিবেশীৰ ঘৰত খেলি থকাৰ অৱস্থাত লোৰ গে’ট পৰি ৫ বছৰীয়া শিশুৰ কৰুণ মৃত্যু

হৃদয়বিদাৰক! প্ৰতিবেশীৰ ঘৰত খেলি থকাৰ অৱস্থাত লোৰ গে’ট পৰি ৫ বছৰীয়া শিশুৰ কৰুণ মৃত্যু

May 10, 2022 0 By NEWS DESK

নিউজ ডেস্ক। এক হৃদয়বিদাৰক ঘটনা।

সমনীয়াৰ সৈতে প্ৰতিবেশীৰ ঘৰত খেলি থকাৰ অৱস্থাত লােৰ গে’ট পৰি মৃত্যু ঘটিল ৫ বছৰীয়া শিশুৰ।

এই শােকাৱহ ঘটনাৰ স্থান কামৰূপ জিলাৰ ৰঙিয়াৰ মহকুমাৰ কঞা ৰাজহ চক্ৰৰ অন্তৰ্গত পালেপাৰা মাজৰ চৰ।

পখিলা খেদি ফুৰাৰ বয়সতে এনেদৰে অকাল মৃত্যুক সাৱটি লােৱা শিশুটিৰ নাম নিয়ৰ কলিতা।

এই শিশুটি স্থানীয় পংকজ কলিতা আৰু কৰৱী কলিতাৰ একমাত্র পুত্র তথা দুই নং পালেপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ।

দৰিদ্ৰ পিতৃ-মাতৃয়ে দিন হাজিৰা কৰি পুত্ৰক পােহপাল দিছিল যদিও নিষ্ঠুৰ নিয়তিয়ে তেওঁলােকৰ সংসাৰ থানবান কৰি পেলালে।

ঘটনাৰ বিৱৰণী অনুসৰি, একে গাঁৱৰে বিবেক লহকৰে (৮) নামৰ শিশুটিৰ সৈতে নিয়ৰে আন দিনাৰ দৰে চুবুৰীয়াৰ পদুলিত খেলি আছিল।

শিশু দুটিয়ে খেলি থকা পৰিয়ালটোৰ পদূলিত নির্মীয়মাণ অৱস্থাত থকা লোৰ গেট এখন হঠাতে শিশু দুটিৰ গাত পৰাত অঞ্চলটোত হুৱা-দুৱা লাগে।

ততাতৈয়াকৈ শিশু দুটিক ৰঙিয়াৰ এখন বেচৰকাৰী চিকিৎসালয়লৈ নিয়াত বিবেক লহকৰক বিপদমুক্ত বুলি চিকিৎসকে ঘোষণা কৰে যদিও নিয়ৰ কলিতাক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

কিন্তু চিকিৎসকে নিয়ৰৰ প্ৰাণৰক্ষা কৰিব নােৱাৰিলে।