হৃদয় বিদাৰক! চকুৰ সন্মুখত নিমিষতে জ্বলি ছাই হ’ল পিতৃ-মাতৃ, কণমানি পাৰ্বতীৰ জীৱনলৈ নামিছে দুখৰ ধুমুহা…

হৃদয় বিদাৰক! চকুৰ সন্মুখত নিমিষতে জ্বলি ছাই হ’ল পিতৃ-মাতৃ, কণমানি পাৰ্বতীৰ জীৱনলৈ নামিছে দুখৰ ধুমুহা…

February 3, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ পৰিয়ালৰ এজন নতুন সদস্যক ঘৰলৈ আদৰাৰ আনন্দত আত্মহাৰা আছিল কণমানি শ্ৰীপাৰ্বতী।

মাকৰ গৰ্ভত থকা সহোদৰক হাস্পতাললৈ আদৰিবলৈ লগত গৈছিল কণমানিজনীয়েও।

কিন্তু তেনেতেই ঘটিল সেই হৃদয় বিদাৰক ঘটনা।

শ্ৰীপাৰ্বতীৰ চকুৰ সন্মুখতে নিমিষতে জ্বলি চাই হৈ গ’ল পিতৃ-মাতৃ।

তাই চিঞৰি থাকিল ঠিকেই, কিন্তু মাক-দেউতাকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম নহ’ল কোনো।

এই মৰ্মান্তিক ঘটনা বৃহস্পতিবাৰে সংঘটিত হয় কেৰালাৰ কন্নুৰত।

বৃহস্পতিবাৰে শ্ৰীপাৰ্বতীৰ সন্তানসম্ভৱা মাতৃ ৰীচাৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাত পিতৃ প্ৰজিতে তেওঁক গাড়ীৰে হাস্পতাললৈ নিয়াৰ প্ৰস্তুতি চলায়।

পিতৃ-মাতৃৰ সৈতে হাস্পতাললৈ যোৱাৰ জেদ ধৰে শ্ৰীপাৰ্বতীয়েও।

কিন্তু হাস্পতাল পাবলৈ মাত্ৰ আৰু অলপ দূৰ বাকী থকা সময়তে হঠাৎ তেওঁলোকৰ গাড়ীখনত জুইৰ সূত্ৰপাত ঘটি দাউদাউকৈ জ্বলি উঠে।

জুই লগাৰ পিছতে পিছৰ চিটত বহি অহা শ্ৰীপাৰ্বতী আৰু পৰিয়ালৰ আন তিনিজন সদস্যই ততাতৈয়াকৈ বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়।

কিন্তু গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ দাউদাউকৈ জ্বলি উঠা জুইত জীৱন্তে অগ্নিদগ্ধ হয় অন্তঃসত্বা মাতৃ ৰীচা আৰু পিতৃ প্ৰজিত।

পিতৃ-মাতৃক জ্বলি থকা দেখিও সেই সময়ত কান্দি থকাৰ বাহিৰে আন একো কৰিবলৈ সক্ষম নহ’ল শ্ৰীপাৰ্বতী বা উপস্থিত আনসকল লোকে।

বৃহস্পতিবাৰে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল কেৰালাৰ কন্নুৰত।

এই ঘটনাই এতিয়া শোকস্তব্ধ কৰিছে সকলোকে।