হৃদয়স্পৰ্শী! এটা নাহৰফুটুকী বাঘক ৰাখী বান্ধিলে এগৰাকী মহিলাই, ভাইৰেল ছবিয়ে হৃদয় জিনিছে সকলোৰে

হৃদয়স্পৰ্শী! এটা নাহৰফুটুকী বাঘক ৰাখী বান্ধিলে এগৰাকী মহিলাই, ভাইৰেল ছবিয়ে হৃদয় জিনিছে সকলোৰে

August 13, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ প্ৰেম আৰু ভাতৃত্ববোধেৰে যোৱা বৃহস্পতিবাৰে সমগ্ৰ দেশজুৰি পালন কৰা হয় পবিত্ৰ ৰাখী বন্ধন উৎসৱ। এই উপলক্ষে বিভিন্ন লোকে সামাজিক মাধ‍্যমযোগে আপলোড কৰা লাখ লাখ আলোকচিত্ৰৰ মাজত বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে এখন আকৰ্ষণীয় তথা ব‍্যতিক্ৰমী আলোকচিত্ৰই।

সামাজিক মাধ্যমত নেট ব্যৱহাৰকাৰীৰ হৃদয় জিনা এই ভাইৰেল ফটোখনৰ স্থান হৈছে ৰাজস্থান। য’ত এগৰাকী মহিলাই এটা ৰুগীয়া নাহৰ ফুটুকী বাঘক ৰাখী বন্ধা দেখা পোৱা গৈছে।

নাহৰ ফুটুকী বাঘ আৰু মহিলাগৰাকীৰ মাজৰ ৰাখী বন্ধনৰ এখন আলোকচিত্ৰ সামাজিক মাধ্যমত এতিয়া ব্যপকৰূপত ভাইৰেল হৈ পৰিছে।

ভাৰতীয় বন সেৱাৰ বিষয়া সুশান্ত নন্দাই শ্বেয়াৰ কৰা আলোকচিত্ৰখনত গুলপীয়া শাৰী পিন্ধা মহিলাগৰাকীয়ে নাহৰফুটুকী বাঘটোৰ আগ ঠেঙত ৰাখী বান্ধি থকা দেখা গৈছে।

বন বিষয়া নন্দাই এই ফটোখনৰ সৈতে উল্লেখ কৰা মতে, অসুস্থ নাহৰ ফুটুকী বাঘটো বন বিভাগৰ হাতত গতাই দিয়াৰ পূৰ্বে এনেদৰে ৰাখি বান্ধে মহিলাগৰাকীয়ে।

মহিলাগৰাকীৰ এনে হৃদয়স্পৰ্শী কাৰ্য‍্যই সামাজিক মাধ‍্যম ব্যৱহাৰকাৰী সকলক অনুপ্ৰেৰিত কৰা দেখা গৈছিল। মহিলাগৰাকীৰ এনে কাৰ্যই মানুহ আৰু বন্য জীৱ-জন্তুৰ মাজৰ সম্পৰ্কটোও শক্তিশালী কৰা বুলি মন্তব্য কৰিছে অনেকে।