
হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মহাভাৰতৰ ‘ভীম’ৰ
February 8, 2022নিউজ ডেস্ক। দুৰদৰ্শনৰ জনপ্ৰিয় ধাৰ্মিক ধাৰাবাহিক ‘মহাভাৰত’ত ভীমৰ চৰিত্ৰত অভিনয় কৰি লাখ লাখ দৰ্শকৰ মনত নিগাজি ঠাই দখল কৰিবলৈ সক্ষম হোৱা জনপ্ৰিয় অভিনেতা তথা এছিয়ান গেমছত স্বৰ্ণপদক বিজয়ী এথলিট প্ৰবীণ কুমাৰ চবতিৰ সোমবাৰে সন্ধিয়া অশোক বিহাৰৰ বাসগৃহত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ।

জানিব পৰা মতে, সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতাগৰাকী দীৰ্ঘ সময়ৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল।
সোমবাৰে সন্ধিয়া হঠাৎ তেওঁ অসুস্থ হৈ পৰাত ঘৰলৈ চিকিৎসক মাতি চিকিৎসা প্ৰদান কৰা হয় যদিও নিশা প্ৰায় ১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ অভিনেতাগৰাকীয়ে।
Praveen Kumar Sobti, popular for playing the role of Bheem in BR Chopra’s Mahabharat, passed away today in Delhi. He will be cremated at the crematorium ground in Punjabi Bagh today. pic.twitter.com/0yzp4AMmzx
— ANI (@ANI) February 8, 2022
উল্লেখ্য যে, মাত্ৰ ২০ বছৰ বসয়তে প্ৰবীণ কুমাৰ চবতি সীমান্ত সুৰক্ষা বাহিনীত যোগদান কৰি দেশ সেৱাত ব্ৰতী হৈছিল। তেওঁৰ এথলিটিক দক্ষতাৰ বাবে লাভ কৰিছিল ভাৰতীয় সেনাৰ চাকৰি।

তাৰ পিছত তেওঁ বিভিন্ন এথলেটিক ইভেণ্টত দেশক প্ৰতিনিধিত্ব কৰে আৰু আনকি এছিয়ান গেমছত দুটা স্বৰ্ণপদক সহ মুঠ চাৰিটা পদক জয় কৰি ভাৰতক গৌৰৱাম্বিত কৰে।
তেওঁ এছিয়ান গেমছত ১৯৬৬ আৰু ১৯৭০ চনত স্বৰ্ণ পদক জয় কৰিছিল।
The iconic role of ‘Bheem’ essayed by Sh Praveen Kumar Sobti in B R Chopra’s Mahabharat will continue to bring back memories of the ‘gentle giant’.#Mahabharat #Bheem #PraveenKumarSobti #RIP pic.twitter.com/qgfT1psUk0
— BSF (@BSF_India) February 8, 2022
তেওঁ ১৯৬৬ চনৰ কমনৱেলথ গেমছৰ সময়ত হামাৰ থ্ৰোত ৰূপৰ পদকো জিকিছিল। ক্ৰীড়াবিদজনে অভিনয় কেৰিয়াৰ আৰম্ভ কৰাৰ পিছত আৰু ১৯৮৮ চনত বি আৰ চোপ্ৰাৰ কালজয়ী “মহাভাৰত”ত ভীম হিচাপে অভিনয় কৰাৰ পিছত অধিক জনপ্ৰিয়তা অৰ্জন কৰে।

এজন অভিনেতা হিচাপে, চবতীয়ে “যুদ্ধ”, “অধিকাৰ”, “হুকুমত”, “শ্বাহেনশ্বাহ”, “ঘায়েল” আৰু “আজ কা অৰ্জুন”ৰ দৰে প্ৰায় ৫০ খন চলচ্চিত্ৰত অভিনয় কৰে।
তেওঁ ২০১৩ চনত তেওঁ দিল্লীৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়ায় যদিও বিজেপিৰ মহেন্দ্ৰ নাগপালৰ হাতত পৰাজিত হয়। তাৰ পিছত, তেওঁ ২০১৪ চনত বিজেপিত যোগদান কৰে।
লগতে চাওকঃ
এল্ট’ বাহন-ডাম্পাৰৰ সংঘৰ্ষত থিতাতে নিহত মহাবিদ্যালয়ৰ প্ৰবক্তা অংকুৰ শইকীয়া
