হেলমেটৰ বাবেই ৰক্ষা পৰিল এজন বাইক চালকৰ জীৱন! কেমেৰাত বন্দী হ’ল দুৰ্ঘটনাৰ দৃশ্য

নিউজ ডেস্ক। সাধাৰণতে আমি দেখা এটা সুলভ দৃশ্য হ’ল যে বাইক আৰোহীয়ে পৰিধান নকৰে হেলমেট। কিছুমানে আকৌ হেলমেট মূৰত পিন্ধাৰ পৰিৱৰ্তে পিন্ধে হাতত আৰু যদিহে আৰক্ষীক দেখে জৰিমনা ভৰাৰ ভয়ত পিন্ধি লয় মূৰত।

যেন জীৱনৰ নিৰাপত্তাক কৰা হয় চূড়ান্ত ভেঙুচালি। কিন্তু হেলমেট যে জীৱনদায়িনী, এইবাৰ সেই কথা প্ৰমাণ কৰিলে এটা পথ দুৰ্ঘটনাই।

পথ দুৰ্ঘটনাত পতিত হোৱা এজন বাইক আৰোহীৰ কেৱল হেলমেটৰ বাবেই ৰক্ষা পৰিলে জীৱন। আন এখন বাইকত থকা ব্যক্তিৰ হেলমেটত সংযুক্ত হৈ থকা কেমেৰাত আবদ্ধ হয় তেনে এক দৃশ্য। এই ঘটনাৰ স্থান হায়ানাৰ গুৰগাঁও চহৰৰ ৰাজপথ।

দৃশ্য টোত দেখা অনুসৰি, আগে আগে গৈ আছে এখন মাৰুটি চুজুকী আৰ্টিগা গাড়ী। পিছে পিছে গৈছে এখন য়ামাহা এফ জেড বাইকৰ আৰোহী।

হঠাতে দ্ৰুতবেগী গাড়ীখনৰ চালকে হঠাতে মাৰি দিলে ব্ৰেক। যাৰ ফলত পিছে পিছে যোৱা বাইক আৰোহী জনে ব্ৰেক মাৰে যদিও পিছ চকা ডাং খাই উফৰি পৰি গাড়ী খনৰ পিছফালৰ আইনাখন ভাঙি সোমাই পৰেগৈ গাড়ীৰ ভিতৰত।

বাইক আৰোহী জনে তলকিবই নোৱাৰিলে এই ঘটনা। কিন্তু গাড়ীখনৰ চালকজনে গাড়ীৰ পৰা ওলাই আহিয়েই ধমকি দিয়ে বাইক চালকজনক। কয় যে “লাহে লাহে চলাব লাগে”। কিন্তু নিজৰ যে ভুল সেইটো মানি নলয় তেওঁ।

তাৰ পৰিৱৰ্তে কয় যে লাহেকৈ ব্ৰেক মাৰোতেই বাইক চালকে খুন্দা মাৰি দিয়ে। কিন্তু পিছত বাইক আৰোহীজনে গাড়ী চালক জনক মাৰপিট কৰাৰ পিছতহে তেওঁ মান্তি হয় আৰু নিজৰ ভুল স্বীকাৰ কৰে। তাৰ পিছতেই ঘটনাস্থলীত বহুতো লোক গোট খায় পৰিস্থিতি চম্ভালে।

এইটো নিশ্চিত যে কেৱল হেলমেটৰ বাবেই জীৱন ৰক্ষা পৰিল বাইক আৰোহীজনৰ। অন্যথা গাড়ীৰ আইনাই শেষ কৰিলেহেঁতেন যুৱক জনৰ জীৱন।

লগতে চাওকঃ

‘বুলেট বাবা’ৰ মন্দিৰ! এই মন্দিৰত পূজা কৰা হয় এখন বিশেষ বুলেট বাইক! ক’ত আছে এই মন্দিৰ?

প্ৰেমিকাক কোলাত বহুৱাই বাইক ষ্টাণ্ট কৰি জৰিমনা ভৰিলে প্ৰেমিকে! ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা

৬ বছৰীয়া শিশুৰ সুললিত কন্ঠত অসমৰ জাতীয় সংগীত! সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

মূৰত নাছিল হেলমেট! ৰাজপথত বাইক ষ্টান্ট কৰি বিপদত পৰিল এগৰাকী যুৱতী

Leave a Comment