হেলমেট পৰিধান নকৰিলে ষ্টাৰ্ট নহয় বাইক! নতুন উদ্ভাৱনেৰে চমক এজন যুৱকৰ…

হেলমেট পৰিধান নকৰিলে ষ্টাৰ্ট নহয় বাইক! নতুন উদ্ভাৱনেৰে চমক এজন যুৱকৰ…

September 11, 2022 Off By NEWS DESK

নিউজ ডেস্ক। অভাৱেই আৱিস্কাৰৰ মূল।

এই কথাকেই যেন পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে এজন যুৱকে।

নিজৰ ভাতৃক এক পথ দুৰ্ঘটনাত অকালতে হেৰুওৱা যুৱকজনে উদ্ভাৱন কৰিলে এক নতুন প্ৰযুক্তি।

বাইকৰ আৰােহীয়ে হেলমেট পৰিধান নকৰা পৰ্যন্ত ষ্টাৰ্ট নহয় বাইক।

উল্লেখ্য যে কিছুদিন পূৰ্বে সুনীল আহৰৱাৰ নামৰ ১৯ বছৰীয়া যুৱকজনৰ ভাতৃয়ে হেলমেট পৰিধান নকৰা বাবে মূৰত আঘাত প্ৰাপ্ত হৈ অকালতে মৃত্যুবৰণ কৰিছিল।

এনেদৰে ভাতৃক অকালতে হেৰুৱাই শোকস্তব্ধ হৈ পৰা সুনীলে পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে এক উদ্ভাৱনৰ কথা চিন্তা কৰে।

আইটিআইৰ পৰা ইলেক্ট্ৰনিকছৰ ডিপ্ল’মা গ্ৰহণ কৰা সুনীলে নিজৰ একাণপতীয়া প্ৰচেষ্টাৰে উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে দুৰ্ঘটনা প্ৰতিৰোধত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পৰা এটা চমৎকাৰী ডিভাইচ।

মধ্যপ্ৰদেশৰ ছাতৰপুৰ জিলাৰ খাজুৰাহোতৰ নিৱাসী সুনীল আহৰৱাৰে বাইকৰ ইঞ্জিন আৰু হেলমেটত দুটা চেন্সৰ স্থাপন কৰি তাক সংলগ্ন কৰিছে। যাৰ ফলত বাইকখন চলোৱাৰ সময়ত হেলমেট পৰিধান কৰাটো বাধ্যতামূলক হ’ব।

সুনীলে জানিবলৈ দিয়া মতে, হেলমেট নিপিন্ধাকৈ বাইকখন যিমানেই ষ্টাৰ্ট কৰিবলৈ চেষ্টা নকৰিলেও সেয়া সম্ভৱ নহ’ব।

চেন্সৰ লগোৱা হেলমেট পিন্ধি বাইকৰ চিটত বহিলেহে বাইকখন ষ্টাৰ্ট কৰিব পৰা যায়। আনহাতে মূৰৰ পৰা হেলমেটটো খুলিলেই স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ পৰিব বাইকৰ ইঞ্জিন।

যুৱকজনৰ এই চমৎকাৰী উদ্ভাৱন পৰৱৰ্তী সময়ত পথ দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত অতি ফলপ্ৰসূ হব বুলি বিবেচনা কৰিছে অনেকে।

সুনীলৰ মতে, বাইকখনৰ ইঞ্জিনত থকা এই চেন্সৰ ডিভাইচটো ইঞ্জিনৰ ভিতৰত স্থাপন কৰা হৈছে। ইয়াৰ আন এটা সুবিধা হ’ব যে বাইকখনে চুৰিৰ পৰা হাত সাৰিবলৈ সক্ষম হ’ব।