হেলিকপ্টাৰৰ যান্ত্রিক বিজুতি! ফোনযোগে নিৰ্বাচনী সভাত ভাষণ ৰাখি দুখ প্ৰকাশ আজমলৰ

নিউজ ডেস্ক। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে দৰঙৰ দলগাঁও সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ৷

সমষ্টিত ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰখা এ আই ইউ ডি এফৰ এখন নিৰ্বাচনী জন সভা বুধবাৰে বেছিমাৰী খেলপথাৰত অনুষ্ঠিত হয় ৷

উক্ত সভাত দলটোৰ মনোনীত প্ৰাৰ্থী মজিবৰ ৰহমানেও ভাষণ প্ৰদান কৰি বিধায়ক নিৰ্বাচিত হ’লে সমষ্টিৰ ৰাইজৰ সকলো সমস্যা সমাধানৰ বাবে মাত মাতি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

সভাত দলটোৰ মুৰব্বী বদৰুদ্দিন আজমল হেলিকপ্তাৰেৰে আহিব বুলি হাজাৰ হাজাৰ লোকৰ সমাগম হয় যদিও অৱশেষত হেলিকপ্তাৰ যান্ত্রিক বিজুতি হোৱা কাৰণে আজমল উপস্থিত থাকিব নোৱাৰে।

অৱশ্যে, ফোনযোগে ভাষণ ৰাখি ৰাইজৰ আগত দুখ প্ৰকাশ কৰে বদৰুদ্দিন আজমলে।

উল্লেখ্য যে সভাখনত সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ সংখ্যক দলীয় সমৰ্থক তথা সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে।

লগতে চাওকঃ

হঠাতে ‘মামা’ৰ কাষত উপস্থিত ডিম্পু বৰুৱা! ল’লে ‘অৰাজনৈতিক’ সাক্ষাৎকাৰ

Leave a Comment