১৪ বছৰত বিয়া, ১৮ বছৰতে দুটিকৈ সন্তানৰ মাতৃত্ব লাভ কৰিও জীৱন যুদ্ধত হাৰ মনা নাছিল অম্বিকাই, আজি IPS বিষয়া হৈ কৰিছে দেশৰ সেৱা

নিউজ ডেস্কঃ ভাৰতৰ দৰে এখন দেশত এগৰাকী নাৰীয়ে বিবাহৰ পিছত নিজৰ সকলো ইচ্ছা, সপোন ত্যাগ কৰিবলগীয়া হয় একমাত্ৰ পৰিয়ালৰ স্বাৰ্থত। যাৰ বাবেই বহুতৰে মনত এক আক্ষেপ চিৰদিনৰ বাবে ৰৈ যায়।

কিন্তু এন অম্বিকাৰ বাবে যেন জীৱনৰ আৰম্ভণি ঘটিছিল বিয়াৰ পিছতহে। মাত্ৰ ১৪ বছৰ বয়সতে বিবাহ পাশত আৱদ্ধ হ’বলগীয়া হোৱা অম্বিকাই ১৮ বছৰ বয়সতে দুটি সন্তানৰ মাতৃ হৈছিল। কিন্তু তাৰ পিছতে জীৱনটো নতুনকৈ আৰম্ভ কৰে অম্বিকাই। স্বামী আৰু পৰিয়ালৰ আন সদস্যৰ সহায়ত আজি আইপিএছ বিষয়া হৈ দেশৰ হকে সেৱা আগবঢ়াই আছে এন অম্বিকাই।

দৰাচলতে তামিলনাডুৰ নিৱাসী এন অম্বিকাৰ কাহানিও আইপিএছ বিষয়া হোৱাৰ সপোন নাছিল। অতি কম বয়সতে বিবাহ পাশত আৱদ্ধ হোৱা অম্বিকাৰ জীৱনৰ হয়তো উদ্দেশ্যই আছিল ঘৰ সংসাৰ চম্ভালা।

কিন্তু তেওঁৰ সৈতে সংঘটিত এক ঘটনাই তেওঁক এটা লক্ষ্য প্ৰদান কৰে। যাৰ ফলত অশেষ কষ্ট আৰু পৰিশ্ৰমেৰে তেওঁ আজি সেই লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছে।

এন অম্বিকাৰ স্বামী এগৰাকী কনিষ্টবল। এবাৰ ১৫ আগষ্টত অম্বিকাই তেওঁৰ স্বামীৰ সৈতে স্বাধীনতা দিৱসৰ এক অনুষ্ঠানত অংশ ল’বলৈ গৈছিল। তাত তেওঁৰ স্বামীয়ে অন্য আৰক্ষী বিষয়া সকলক অভিবাদন জনোৱা প্ৰত্যক্ষ কৰে অম্বিকাই।

ঘৰত আহি তেওঁ স্বামীক কিয় আন সকলক অভিবাদন জনাইছিল সেই বিষয়ে প্ৰশ্ন কৰাত কনিষ্টবল স্বামীয়ে কয় যে তেওঁলোক উচ্চপদস্থ বিষয়া হোৱা বাবেই তেওঁলোকক অভিবাদন জনোৱাটো বাধ্যতামূলক।

স্বামীৰ মুখত এই কথা শুনিয়েই নিজেও এগৰাকী উচ্চ পদস্থ বিষয়া হোৱাৰ সপোন দেখে এন অম্বিকাই। সমান্তৰালভালে তেওঁ ব্যক্তিগত প্ৰশিক্ষণৰ সহায়ত দশম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পিছতে দূৰ শিক্ষাৰ জৰিয়তে দ্বাদশ আৰু স্নাতক শিক্ষাও গ্ৰহণ কৰে।

ইয়াৰ পিছতে অম্বিকাই ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে আৰু চেন্নাইলৈ গৈ কোচিং চেণ্টাৰত প্ৰশিক্ষণ গ্ৰহণ কৰে। এই গোটেই সময়ছোৱাত তেওঁৰ স্বামীয়ে তেওঁক সৰ্বতোপ্ৰকাৰে সহায় কৰাৰ লগতে সন্তান দুটিৰ দায়িত্বও নিজে পালন কৰি অম্বিকাক পঢ়াৰ বাবে সুবিধা কৰি দিয়ে।

স্বামী আৰু পৰিয়ালৰ এই সহযোগিতা আৰু নিজৰ কঠোৰ পৰিশ্ৰম, অধ্যয়ন আৰু ত্যাগৰ ফলত তিনিবাৰৰ প্ৰচেষ্টাত ২০০৮ চনত ইউপিএছচি পৰীক্ষাত সফলতা লাভ কৰে এন অম্বিকাই। তাৰ পিছতে তেওঁ মহাৰাষ্ট্ৰৰ কেডাৰত নিযুক্তি লাভ কৰে। বৰ্তমান মুম্বাইৰ ৪নং জ’নৰ ডিচিপি হিচাপে নিযুক্ত হৈ থকা এন অম্বিকাৰ এই জীৱনৰ কাহিনীয়ে অনুপ্ৰাণিত কৰি আহিছে আন বহুতকো।