
১৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব গুণোৎসৱ, জানক সৱিশেষ…
December 9, 2022নিউজ ডেস্কঃ ছাত্ৰ-ছাত্ৰীৰ গুণগত মানদণ্ড পৰীক্ষাৰ বাবে প্ৰত্যেক বছৰে অনুষ্ঠিত হোৱা গুণোৎসৱ এইবাৰ অনুষ্ঠিত হ’ব নৱবৰ্ষৰ পহিলা মাহত।
শুকুৰবাৰে অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰকাশ কৰা মতে, এইবাৰ তিনিটা পৰ্যায়ত বিদ্যালয়ত অনুষ্ঠিত হ’ব গুণোৎসৱ।
প্ৰথম পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব ১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ।
এই সময়ছোৱাত গুণোৎসৱ অনুষ্ঠিত হ’বলগীয়া জিলা কেইখন হৈছে ক্ৰমে- বৰপেটা, কৰিমগঞ্জ, গোলাঘাট, হোজাই, কামৰূপ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা- মানকাচৰ, তিনিচুকীয়া, ওদালগুৰি৷
আনহাতে দ্বিতীয় পৰ্যায়ত ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ গুণোৎসৱ অনুষ্ঠিত হ’ব বাক্সা, চিৰাং, চৰাইদেউ, ধুবুৰী, ডিমাহাচাও, হাইলাকান্দি, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিদ্যালয়ত৷
তাৰ পিছতে ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব৷
তৃতীয় পৰ্যায়ত গুণোৎসৱে সামৰি ল’ব বিশ্বনাথ, বঙাইগাঁও, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কাৰ্বি আংলং, কাছাৰ, নগাঁও, নলবাৰী জিলাৰ বিদ্যালয়সমূহ।