১ জুলাইৰ পৰিৱৰ্তে এইবাৰ ২৫ জুনৰ পৰাই হ’ব গৰমৰ বন্ধ

১ জুলাইৰ পৰিৱৰ্তে এইবাৰ ২৫ জুনৰ পৰাই হ’ব গৰমৰ বন্ধ

June 23, 2022 Off By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতৰ মাজতে ঘােষণা কৰা হ’ল গৰমৰ বন্ধ।

এইবাৰ ১ জুলাইৰ পৰিৱৰ্তে ২৫ জুনৰ পৰাই কাৰ্যকৰী হ’ব গৰমৰ বন্ধ।

ৰাজ্যৰ শিক্ষানুষ্ঠান অহা ২৫ জুনৰ পৰা ২৫ জুলাইলৈ বন্ধ ৰখাৰ ঘােষণা।

বৃহস্পতিবাৰে দিছপুৰৰ জনতা ভৱনত এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

pix by ub photos

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বহু চৰকাৰী বিদ্যালয়ত বন্যাৰ্তৰ বাবে সাহায্য শিৱিৰ স্থাপন কৰা হৈছে।

অৱশ্যে মহাবিদ্যালয়ৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি প্ৰকাশ কৰে শিক্ষামন্ত্ৰীয়ে।

উল্লেখ্য, সাধাৰণতে জুলাই মাহত গৰমৰ বন্ধ দিয়াৰ পৰম্পৰা চলি আহিছে ।

চৰকাৰী বিদ্যালয়ৰ লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহকো এই নিৰ্দেশনা মানিবলৈ আহ্বান জনাইছে শিক্ষামন্ত্রীগৰাকীয়ে ।

আনহাতে, যিসমূহ বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত হৈ আছে সেইসমূহ বিদ্যালয়ক ২৫ জুনৰ ভিতৰত পৰীক্ষা শেষ কৰি গৰমৰ বন্ধ দিবলৈও নিৰ্দেশ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে ।