২০ বছৰত ৪০ বাৰতকৈ অধিক বদলি হৈছে কৰ্ণাটকৰ IPS বিষয়া ডি ৰূপা

নিউজ ডেস্ক। ৰাষ্ট্ৰপতিৰ পদক প্ৰাপ্ত এগৰাকী আই পি এছ বিষয়াক ২০ বছৰীয়া চাকৰি কালত ৪০ বাৰতকৈ অধিক বদলি কৰা হৈছে।

কৰ্ণাটকৰ গৃহ সচিব ৰূপে কৰ্মৰত ডি ৰূপা নামৰ আই পি এছ বিষয়াগৰাকীয়ে তেওঁৰ দুটা দহকৰ কাৰ্যকালত দুকুৰিবাৰতকৈ অধিক বদলি হ’বলগীয়া হৈছে।

IPS বিষয়া ডি ৰূপা

শেহতীয়াভাৱে ডি ৰূপাক ওপৰৱালা বিষয়াই কৰা ভুল ৰাজহুৱাভাৱে আঙুলিয়াই দিয়াৰ ফলশ্ৰুতিত বদলি হ’বলগীয়া হৈছে।

বৃহস্পতিবাৰে ডি ৰূপাক কৰ্ণাটকৰ হেণ্ডিক্ৰেফ্ট এম্পোৰিয়ামৰ পৰিচালন সঞ্চালক পদলৈ বদলি কৰা হৈছে।

কৰ্তব্যৰত অৱস্থা IPS বিষয়া ডি ৰূপা

ৰূপাই জ্যেষ্ঠ আই পি এছ বিষয়া হেমন্ত নিম্বলকাৰক বেংগালুৰু চেফটী প্ৰজেক্টৰ নিবিদা প্ৰক্ৰিয়াত কৰা অনিয়মৰ বিষয়ে আঙুলিওৱাৰ দোষত বদলি কৰা হৈছে।

শেহতীয়াকৈ বদলিৰ নিৰ্দেশৰ পাছত ৰূপাই টুইটত কয়- বদলি হৈছে চৰকাৰী চাকৰিৰ এটা অংশ।

বিগত সময়ত মই যিমান বছৰ চাকৰি কৰিছো তাৰ দুগনতকৈ অধিক বদলি হৈছে। এই প্ৰত্যাহ্বান মই গ্ৰহণ কৰিছো।

অনাগত দিনসমূহতো মই আপোচবিহীনভাৱে আগবাঢ়ি যাম।

২০ বছৰীয়া চাকৰিকালত ৰূপাই লাভ কৰা অভিজ্ঞতাৰ পাছত তেওঁ প্ৰতি মুহূৰ্তত বদলিৰ বাবে সদায় সাজু হৈ থাকে।

বেগত ভৰাই ৰাখে প্ৰয়োজনীয় কাপোৰ, নথিপত্ৰ।

লগতে চাওকঃ

বৰফৰ মাজেৰে কান্ধত তুলি গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ নিলে ভাৰতীয় সেনা জোৱান

গোহালিৰ পৰা আদালতৰ ন্যায়াধীশৰ পদলৈ এগৰাকী ছাত্ৰীৰ সফলতাৰ কাহিনী…

ভাগ্য! বিয়া খাবলৈ গৈ নিজেই দৰা হ’ল এজন যুৱকে!

স্বামীয়ে প্ৰেৰণ কৰিলে বিবাহ বিচ্ছেদৰ জাননী! পুত্ৰক শ্লিপিং টেবলেট খুৱাই হত্যা কৰি চিকিৎসক মাতৃৰ আত্মহত্যা

Leave a Comment