২০ লাখ টকাৰ সোণৰ গহনা ভৰ্ত্তি বেগ গৰাকীক পুনৰ ঘূৰাই দিলে অট’ৰিক্সা চালকে, পুৰস্কৃত কৰিলে আৰক্ষীয়ে

নিউজ ডেস্ক। একাংশ যাত্ৰীয়ে অট’ৰিক্সা বা ৰিক্সা চালকক তেওঁলােকৰ ৰুষ্ট ব্যৱহাৰৰ বাবে সততে বেয়া বুলি অভিহিত কৰা দেখা যায়। কিন্তু তাৰ মাজতে থাকে কিছু ব্যতিক্ৰম।

বহু সৎ খাটিখোৱা লোকো যে এই বৃত্তিত আছে, সেই কথা প্ৰমাণ কৰি দিলে চেন্নাইৰ এজন দৰিদ্ৰ অট’ৰিক্সা চালকে। সোণৰ গহনা ভৰ্ত্তি বেগ হাতত পাইয়ো বিনাচৰ্তে ঘূৰাই দিলে নিৰ্লোভ অট’ৰিক্সা চালক চাভাৰানা কুমাৰে।

ঘটনাটো সংঘটিত হৈছে চেন্নাইৰ ক্ৰোমিপেত এলেকাত। অট’ৰিক্সা খনত কোনো এজন ব্যক্তিয়ে বিবাহৰ বাবে অনা গহনা এৰি থৈ গৈছিল। বেগ সহ প্ৰায় ২০ লাখ টকাৰ গহনা ঘূৰাই দিলে চাভাৰানাই।

আৰক্ষীৰ সূত্ৰ অনুসৰি, পল ব্ৰাইট নামৰ এজন ব্যৱসায়ী ক্ৰোমিপেত এলেকাৰ বাসিন্দা। যোৱা বুধবাৰে ব্যৱসায়ীজনৰ এগৰাকী কন্যাৰ বিবাহ অনুষ্ঠান আছিল। এখন অট’ৰিক্সাত ব্যৱসায়ীজনে বিবাহৰ বাবে এটা বেগত আনিছিল আ-অলংকাৰ।

অট’ৰিক্সা খনত উঠি আহোঁতে গোটেই পথচোৱাত ব্যক্তিজনে কেৱল ফোনত কথা পাতি আহিছিল। নমাৰ সময়ত ভুলবশতঃ ব্যক্তিজনে বেগটো এৰি থৈ যায় অট’ৰিক্সা খনত। অট’ৰিক্সা চালকক ভাড়া দিয়েই ব্যক্তিজন গুচি যায় ঘৰলৈ।

কিছু সময়ৰ পিছতেই চালক চাভাৰানাই অট’ৰিক্সা খনত বেগটো প্ৰত্যক্ষ কৰে। বেগটো দেখিয়েই চাভাৰানাই অনুভৱ কৰিছিল ব্যক্তিজনে ভুলতে বেগটো এৰি থৈ যায়। কিন্তু তেওঁৰ হাতত ব্যক্তিজনৰ সন্দৰ্ভত কোনো খবৰ নাছিল, আনকি তেওঁৰ ঠিকনাটোও নাজানে তেওঁ। তথাপিও কেইবাবাৰো ব্যক্তিজনক বিচাৰে চাভাৰানাই।

অটাে চালক চাৰাভান কুমাৰ

বিয়াঘৰ পাই ব্যক্তিজনৰ মনত পৰে গহনা থকা বেগটোৰ বিষয়ে। লগে লগে ব্যক্তিজনে আহে আৰক্ষী থানালৈ। বেগটো হেৰুওৱা সন্দৰ্ভত থানাত তেওঁ এজাহাৰ দিয়ে যদিও কিন্তু অট’ৰিক্সা খনৰ নম্বৰটো দিয়াত ব্যৰ্থ হয় তেওঁ।
তথাপিও ব্যক্তিজনৰ এজাহাৰৰ ভিত্তিত বেগৰ সন্ধানত নামি পৰে আৰক্ষী।

ব্যক্তিজনে অট’ৰিক্সা খনত অহা পথটোৰ চিচি টিভিৰ দৃশ্য গ্ৰহণ কৰি বেগৰ সন্ধান কৰে আৰক্ষীয়ে। সেই অনুসৰি অট’ৰিক্সাৰ নম্বৰ লাভ কৰে আৰক্ষীয়ে। অট’ৰিক্সা খন পঞ্জীয়ন হৈ আছে চাভাৰানাৰ নামত। কিন্তু আৰক্ষীয়ে চাভাৰানাক বিচাৰি যোৱাৰ আগতেই গহনা ভৰ্ত্তি বেগটো লৈ চাভাৰানা নিজেই উপস্থিত হয়হি আৰক্ষী থানাত। সমস্ত গহনা সহ বেগটো নিজেই ব্যক্তিজনৰ হাতত তুলি দিয়ে চাভাৰানাই। আবেগ বিহ্বল হৈ লগে লগে কান্দি পৰিল পল ব্রাইট নামৰ ব্যক্তিজন।

উল্লেখ্য যে এই সততাৰ বাবে চাভাৰানা কুমাৰক পুৰস্কৃত কৰে আৰক্ষীয়ে।

লগতে চাওকঃ

দ্ৰুত গতিত আহি থকা ৰে’লৰ আগেৰে বাইক চলাই পাৰ হ’বলৈ গৈ অথন্তৰ! কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

সম্ভাব্য দুৰ্ঘটনা ৰােধ কৰি ৰে’ল চালকে লাভ কৰিলে সাহসিকতাৰ বঁটা

ইউ টিউবত শিকিলে হেকিং, পিতৃক ১০ কোটি টকা দাবী ১১ বছৰীয়া ‘হেকাৰ’ পুত্ৰৰ

মৰ্মান্তিক! মহিলাৰ মৃতদেহ কঢ়িওৱা এম্বুলেঞ্চ দুৰ্ঘটনাগ্ৰস্ত, মৃতকৰ মাতৃ-মাহীৰ মৃত্যু

Leave a Comment