২৫ বছৰে মহিলাৰ শ্বাস নলীত থাকিল হুইচেল! অস্ত্ৰােপচাৰ কৰি উলিয়ালে চিকিৎসকে

নিউজ ডেস্ক। এক আচৰিত ঘটনা। ৪০ বছৰীয়া মহিলাৰ শ্বাস নলীত ধৰা পৰিল হুইচেল। কিশোৰ অৱস্থাতে খেলি থাকোতে মহিলা গৰাকীয়ে গিলি দিছিল সৰু হুইচেলটো। ২৫ বছৰ শ্বাস নলীত থাকিল হুইচেলটো।

মহিলা গৰাকীয়ে দীৰ্ঘদিন ভুগি আছিল কাহৰ অসুখত। অৱশেষত চিকিৎসকে অস্ত্ৰোপ্ৰচাৰ কৰি উলিয়ালে হুইচেলটো। এই ঘটনা কেৰেলাৰ কান্নুৰ জিলাৰ মাত্তান্নুৰৰ।

অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰা চিকিৎসকে জনোৱা অনুসৰি, মংগলবাৰে ব্যক্তিগত চিকিৎসালয়ৰ এজন হাওঁফাওঁ বিশেষজ্ঞই চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ মহিলা গৰাকীক প্ৰেৰণ কৰে।

চিকিৎসকজনে তেওঁৰ শ্বাসতন্ত্ৰৰ পৰা যকৃৎ সংযোগী নলীত কিবা বস্তু থকাৰ কথা উল্লেখ কৰি প্ৰতিবেদন দিয়ে। অত্যধিক মাত্ৰাত কাহ হোৱাত মহিলা গৰাকী আহে চিকিৎসালয়লৈ। শীতকালত কাহ বেছি হোৱা বুলি জনায় তেওঁ।

চিকিৎসা মাবিদ্যালয় খনৰ অধীক্ষক ডাঃ সুদীপে কয় যে, এক চিকিৎসকৰ দলে বহুতো পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত মহিলা গৰাকীৰ শ্বাসনলীত এটা হুইচেল ধৰা পেলায়। তেতিয়াই জনা যায় যে মহিলা গৰাকীয়ে ২৫ বছৰ পূৰ্বেই বান্ধৱীৰ সৈতে খেলি থাকোতে দুৰ্ঘটনাবশত গিলি দিছিল হুইচেলটো। আৰু এতিয়া উলিওৱা হয় হুইচেলটো। মহিলা গৰাকীয়ে হাপানী ৰোগৰ বাবে তেওঁৰ উশাহ লোৱাত কষ্ট হোৱা বুলি ভাবিছিল। কিন্তু হুইচেলটো উলিওৱাৰ পিছতেই তেওঁ সেই অসুবিধাৰ পৰা মুক্ত হয়।

মহিলা গৰাকীয়ে জনোৱা অনুসৰি, তেওঁ কিশোৰ অৱস্থাত হুইচেলটো যাবৰ বাবে পানী খাই দিছিল। কিন্তু লাগি ধৰিছিল শ্বাসনলীত। বৰ্তমান এক সফল অস্ত্ৰোপ্ৰচাৰৰ অন্তত মহিলা গৰাকীয়ে লাভ কৰিলে সুফল।

Leave a Comment