২৫ বছৰ বয়সত প্ৰাণ ত্যাগ ভাৰতৰ ‘ৰাজা’ৰ

নিউজ ডেস্ক। পিঞ্জৰাবদ্ধ অৱস্থাত থকা দেশৰ আটাইতকৈ বয়স্ক বাঘ ‘ৰাজা’ৰ মৃত্যু।

সোমবাৰে পুৱতি নিশা উত্তৰ বংগৰ এটা পশু পুনৰুদ্ধাৰ কেন্দ্ৰত ২৫ বছৰ ১০ মাহ বয়সত প্ৰাণত্যাগ কৰে ‘ৰাজা’ই।

উল্লেখ্য যে ২০০৮ চনৰ আগষ্ট মাহত ৰয়েল বেংগল টাইগাৰ ‘ৰাজা’ক সুন্দৰবনৰ এখন নৈত আহত অৱস্থাত উদ্ধাৰ কৰি উত্তৰ বংগৰ জলদাপাৰাৰ খৈৰাবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰলৈ অনা হৈছিল।

এটা ঘঁৰিয়ালে সোঁ ভৰিত কামুৰি আঘাত কৰাৰ পিছতে আঘাতপ্ৰাপ্ত হৈছে এই বাঘটাে।

উল্লেখ্য যে সুন্দৰবন বিভিন্ন প্ৰজাতিৰ বাঘৰ বাসস্থল, লগতে তাৰ নদীসমূহত এষ্টুৱেৰিন প্ৰজাতিৰ ঘঁৰিয়ালো বাস কৰে।

এই অংশত জন্তু-মানৱৰ সংঘৰ্ষ এক সাধাৰণ কথা।

ইয়াত সচৰাচৰ দেখা যায় যে গাওঁবাসীসকল প্ৰায়ে বাঘ, ঘঁৰিয়াল আৰু বিষাক্ত সাপৰ দ্বাৰা আক্ৰমণৰ সন্মুখীন হয়।

উল্লেখ্য যে ২০০৮ চনত যেতিয়া ৰাজাক উদ্ধাৰ কৰা হৈছিল, তেতিয়াৰ এই বাঘটােৰ বয়স ১২ বছৰ বুলি অনুমান কৰা হৈছিল।

সেই অনুসৰি, বৰ্তমানলৈ ১৫ বছৰ এই বাঘটাে পিঞ্জৰাবদ্ধ অৱস্থাত থকাৰ পিছতে ২৫ বছৰ ১੦ মাহৰ বয়সত মৃত্যুবৰণ কৰে ‘ৰাজা’ই।

সােমবাৰে বন বিভাগে ‘ৰাজা’ৰ শেষকৃত্য সম্পন্ন কৰে।