২ মে’ত আছিল বিয়া! কিন্তু তাৰ পূৰ্বেই পিতৃ-মাতৃ আৰু ২ ভগ্নীৰ সৈতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বৃদ্ধিয়ে

নিউজ ডেস্ক। ২ মে’ত বিয়া!

২৫ এপ্ৰিলৰ পৰাই প্ৰাকবিবাহৰ বিভিন্ন অনুষ্ঠান আয়োজন কৰাৰ কথা আছিল। ইতিমধ্যে প্ৰায় সম্পন্ন হৈছিল বিয়াৰ সমস্ত জা-যোগাৰ। কিন্তু…!

নিয়তিৰ যেন সহ্য নহ’ল পৰিয়ালটোৰ আনন্দ। যাৰ বাবে এক কৰুণ দুৰ্ঘটনাত নিঃশেষ হৈ গ’ল কোছাৰ পৰিয়াল।

বৃদ্ধি

ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাৰ ৰাজনন্দগাঁও-খাইৰাগড় পথৰ চিংগাৰপুৰ গাঁৱৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে পিতৃ-মাতৃ আৰু ৩ কন্যাই।

বৃহস্পতিবাৰে নিশা সম্পৰ্কীয় ভাতৃৰ বিবাহ অনুষ্ঠানত অংশ লৈ বালোদৰ পৰা খাইৰাগড়ৰ ঘৰলৈ আহি থকাৰ সময়তে প্ৰায় ২ বজাত কোছাৰ পৰিয়ালটোৱে যাত্ৰা কৰা এল্ট’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা কালভাৰ্টত খুন্দা মাৰে।

দুই ভগ্নীৰ সৈতে বৃদ্ধি

যাৰ পিছত বাহনখন জুইৰ সূত্ৰপাত হয় আৰু গাড়ীৰ পৰা বাহিৰ ওলোৱাৰ পূৰ্বেই জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাই একেটা পৰিয়ালৰ ৫জনকৈ সদস্যই।

নিহত সকলক সুভাষ চন্দ্ৰ কোছাৰ (৫০), পত্নী কান্তি দেৱী আৰু তেওঁলোকৰ তিনি কন্যা ভাৱনা, বৃদ্ধি আৰু পূজা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, ২ মে’ত ঠিক হৈছিল বৃদ্ধিৰ বিয়া। ২৫ এপ্ৰিলৰ পৰা প্ৰাক বিবাহৰ বিভিন্ন অনুষ্ঠান সম্পন্ন হোৱাৰ কথা আছিল।

পিতৃ সুভাষ চন্দ্ৰ কোছাৰে ইতিমধ্যে বিয়াৰ সকলো প্ৰস্তুতি সম্পন্ন কৰিছিল।

কিন্তু হোমৰ গুৰিত বহাৰ পূৰ্বেই এনেদৰে পিতৃ-মাতৃ আৰু দুই ভগ্নীৰ সৈতে প্ৰাণ হেৰুৱাবলগীয়া হয় বৃদ্ধিয়ে।

এই শোকাবহ দুৰ্ঘটনাই ম্ৰিয়মান কৰি তুলিছে সকলোকে।

লগতে চাওকঃ

মোবাইলত কথা পাতি গৈ থকাৰ সময়তে উন্মুক্ত মেনহোলত সোমাই পৰিল মহিলা, তাৰ পিছত…

Leave a Comment