৩ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক BSF ৰ

নিউজ ডেস্ক। মেঘালয়ৰ বিএছএফৰ সফলতা।

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হয় বিএছএফে।

দেওবাৰে ভাৰতৰ ভূ-খণ্ডত অবৈধভাৱে প্ৰৱেশ কৰা এজন বাংলাদেশী নাগৰিক আটক কৰে বিএছএফে।

মেঘালয়ৰ ইষ্ট খাচী পাৰ্বত্য জিলাৰ দুলাইনালা সীমান্ত চকীৰ বিএছএফৰ দলে আটক কৰে অনুপ্ৰবেশকাৰীজনক।

আটক কৰা বাংলাদেশী অনুপ্ৰবেশকাৰীজনক মহম্মদ বিল্লাল হুছেইন (১৯) বুলি জানিব পৰা যায়।

উল্লেখ্য যে ২৯ জুলাইতো মেঘালয়ৰ বিএছএফে দুই বাংলাদেশী নাগৰিকক আটক কৰিছিল। যিয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল।

দুই অনুপ্ৰৱেশকাৰীৰ পৰা বিএছএফে নগদ ১৩,৯৫০ টকা ভাৰতীয় টকা জব্দ কৰে।

সেই দুই অনুপ্ৰৱেশকাৰীকো ইষ্ট খাছী পাৰ্বত্য জিলাৰ দংগাৰ আৰক্ষী থানাৰ অধীনৰ সনাতালা সীমান্ত চকীৰ বিএছএফৰ দলে আটক কৰে।

Leave a Comment