৪০ শতাংশ পাঠ কৰ্তনেৰে অনুষ্ঠিত হব মেট্ৰিক পৰীক্ষাঃ শিক্ষাৰ্থীক আশ্বস্ত কৰি শিক্ষামন্ত্ৰীয়ে ক’লে এই কথা..

নিউজ ডেস্ক। ৪০ শতাংশ পাঠ কৰ্তনেৰে অনুষ্ঠিত হব মেট্ৰিক পৰীক্ষা। সংবাদ মাধ্যমৰ সন্মুখত এই কথা স্পষ্ট কৰি দিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকতত লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, ২০২১ চনত যি প্ৰশ্নকাকত ৪০ শতাংশ পাঠ্যক্ৰম কৰ্তনেৰে প্ৰস্তুত কৰা হৈছিল, সেই প্ৰশ্নকাকতেৰেই এইবাৰ পৰীক্ষা অনুষ্ঠিত হব।

শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, ‘২০২১ বৰ্ষত কোভিড পৰিস্থিতিৰ বাবে ছেবাই প্ৰথমে ৩০ শতাংশ পাঠ্যক্ৰম কৰ্তনৰ সিদ্ধান্ত লৈছিল। কিন্তু পৰৱৰ্তী সময়ত আৰু ১০ শতাংশ পাঠ্যক্ৰম কৰ্তন কৰা হয় আৰু মুঠ ৪০ শতাংশ পাঠ্যক্ৰম এনেদৰে সংকুচিত হৈ পৰে। কিন্তু সেই বৰ্ষত যিহেতু পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ’ল, সেয়ে ছপা কৰা প্ৰশ্নকাকতসমূহ সুৰক্ষিতভাৱে ৰখা হৈছিল। সেই প্ৰশ্নকাকতেৰেই এইবাৰ পৰীক্ষা অনুষ্ঠিত কৰা হব।’

আনহাতে ২০২১ বৰ্ষত ছাত্ৰ-ছাত্ৰীক যি সংকুচিত পাঠ্যক্ৰম প্ৰদান কৰা হৈছিল, ২০২২ বৰ্ষতো একেখিনি পাঠ্যক্ৰমে প্ৰদান কৰা হৈছিল বুলিও স্পষ্ট কৰি দিয়ে শিক্ষামন্ত্ৰী পেগুৱে। যাৰ বাবে বিগত বৰ্ষটোৰ প্ৰশ্নকাকতেৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে শিক্ষাৰ্থীসকলে ভয় খাব নালাগে বুলিও আশ্বস্ত প্ৰদান কৰে ৰণোজ পেগুৱে।

Leave a Comment