৪.৪২% লৈ নামিল সংক্ৰমণৰ হাৰ, হ্ৰাস পােৱা নাই দৈনিক মৃত্যুৰ পৰিসংখ্যা

৪.৪২% লৈ নামিল সংক্ৰমণৰ হাৰ, হ্ৰাস পােৱা নাই দৈনিক মৃত্যুৰ পৰিসংখ্যা

May 28, 2021 0 By NEWS DESK

নিউজ ডেস্ক। পুনৰ কাল ক’ৰাণাই ৰাজ্যত ৮੦ জনৰ প্ৰাণ কাঢ়ি নিলে।

শুকুৰবাৰে প্ৰকাশিত তথ্যত প্ৰকাশ পাইছে এই সংখ্যা। দিনটােত ৰাজ্যজুৰি নতুনকৈ ৫,৪৩৬ জনক ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে।

ৰাজ্যত একেৰাহে ৩ দিনলৈ ৫ শতাংশৰ তলত অৱস্থান কৰিছে ক’ভিড-১৯ৰ সংক্ৰমণৰ হাৰে। কিন্তু চিকিৎসকৰ বাবে এতিয়াও ক’ভিড-১৯ ৰােগীৰ দৈনিক মৃত্যুৰ পৰিসংখ্যা চিন্তাৰ কাৰণ হিচাপে বিবেচিত হৈছে।

শুকুৰবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্যত সংক্ৰমণৰ হাৰ ৪.৪২ শতাংশলৈ অৱনমিত হৈছে।

দিনটােত সৰ্বমুঠ ১,২২,৯৭৭ জনৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।

ৰাজ্যৰ ভিতৰত গুৱাহাটী মেট্ৰ’ জিলাত সৰ্বাধিক ৫৯৫ জন ক’ভিড পজিটিভ হিচাপে চিনাক্ত কৰা হয়।

মৃতকৰ ভিতৰত সৰ্বাধিক ৰােগী কামৰূপ মেট্ৰ’ জিলাৰ।