৫০ টকীয়া দুটা লটাৰীৰ টিকটে সলনি কৰিলে মাছ বিক্ৰেতা ৰবিৰাম বসুমতাৰীৰ ভাগ্য, লাভ কৰিলে ১৮ লাখ টকীয়া ইনোভা…

৫০ টকীয়া দুটা লটাৰীৰ টিকটে সলনি কৰিলে মাছ বিক্ৰেতা ৰবিৰাম বসুমতাৰীৰ ভাগ্য, লাভ কৰিলে ১৮ লাখ টকীয়া ইনোভা…

November 24, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ লটাৰীৰ দুটা ৫০ টকীয়া টিকটেই ভাগ্য সলনি কৰিলে বৰপেটাৰোডৰ কালপানীৰ নিৱাসী ৰবিৰাম বসুমতাৰী।

বৰপেটাৰোড সাৰ্বজনীন ৰাস মহোৎসৱৰ লটাৰী খেলত প্ৰথম পুৰস্কাৰ এখন ইনোভা বাহন লাভ কৰিবলৈ সক্ষম হ’ল পেছাত মাছ বিক্ৰেতা ৰবিৰাম বসুমতাৰীয়ে।

লটাৰীত পুৰস্কাৰ জয়ৰ খবৰ লাভ কৰিয়েই আনন্দত আত্মহাৰা হৈ পৰে ৰবিৰাম আৰু তেওঁৰ পৰিয়াল।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে বৰপেটাৰোডতো আয়োজন কৰা হৈছিল আড়ম্বৰপূৰ্ণ ৰাস মহোৎসৱৰ।

এই ৰাস মহোৎসৱৰ লগতে সংগতি ৰাখি আয়োজন কৰা লটাৰী খেলৰ ৫০ টকীয়া দুটা টিকট ক্ৰয় কৰিছিল কালপানীৰ বলাগাঁৱৰ বাসিন্দা ৰবিৰাম বসুমতাৰীয়ে।

কিন্তু সেই দুটা টিকটৰে যে এটাই তেওঁৰ ভাগ্য সলনি কৰি দিব সেয়া কল্পনাই কৰা নাছিল ৰবিৰাম বসুমতাৰীয়ে।

খেলখনৰ প্ৰথম পুৰস্কাৰ হিচাপে থকা ১৮ লাখ টকীয়া ইনোভা গাড়ীখন ভাগ্যত আছিল মাছ বিক্ৰেতা ৰবিৰামৰ।