৫ হাজাৰ মহিলাৰ সন্তান প্ৰসৱত সহায় কৰা নাৰ্ছৰ প্ৰসৱোত্তৰ জটিলতাত মৃত্যু

৫ হাজাৰ মহিলাৰ সন্তান প্ৰসৱত সহায় কৰা নাৰ্ছৰ প্ৰসৱোত্তৰ জটিলতাত মৃত্যু

November 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। আনক সহায় কৰিবলৈ সদায় উন্মুখ হৈ থকা এগৰাকী নাৰ্ছৰ কৰুণ মৃত্যুৱে বহুতৰে হৃদয় কঁপাই গৈছে।

প্ৰসূতিক সহায় কৰি অহা এইগৰাকী নাৰ্ছৰ প্ৰসৱোত্তৰ জটিলতাতেই মৃত্যু হোৱাৰ ঘটনাই জীৱনত কাৰ কেতিয়া কি হয় তাৰ নিশ্চয়তা নথকাটোকেই প্ৰতীয়মান কৰিছে।

মহাৰাষ্ট্ৰৰ হিংগুলী চিভিল হাস্পতালত প্ৰায় ৫ হাজাৰ মহিলাৰ সন্তান জন্ম দিয়াত সহায় কৰা এইগাকী নাৰ্ছৰ প্ৰৱোত্তৰ জটিলতাত মৃত্যু হয়।

জ্যোতি গাভলী নামৰ নাৰ্ছগৰাকী যোৱা ২ নৱেম্বৰত দ্বিতীয়টো সন্তান জন্ম দিয়াৰ পিছত প্ৰসৱোত্তৰ জটিলতাত ভোগে।

এই জটিলতাই যোৱা দেওবাৰে তেওঁৰ প্ৰাণ কাঢ়ি নিয়ে।

৩৮ বছৰীয়া নাৰ্ছগৰাকীয়ে সন্তান জন্ম দিয়াৰ আগদিনলৈকে হাস্পতালখনত সেৱা আগবঢ়াইছিল।

বিগত দুবছৰ ধৰি হাস্পতালখনত কৰ্মৰত গাভলীয়ে তাৰ পূৰ্বে তিনি বছৰ ৰাজ্যখনৰ আন দুখন স্বাস্থ্যকেন্দ্ৰত সেৱা আগবঢ়াইছিল।

প্ৰসৱোত্তৰ জটিলতাৰ বাবে নান্দেড়ৰ এখন উন্নত চিকিৎসালয়লৈ তেওঁক প্ৰেৰণ কৰা হয় যদিও পৰৱৰ্তী সময়ত নিউমোনিয়া আৰু লগতে আন জটিলতাত আক্ৰান্ত হোৱাত তেওঁক ভেণ্টিলেচনত ৰাখিবলগীয়া হয়।