৬ বছৰীয়া শিশুৰ সুললিত কন্ঠত অসমৰ জাতীয় সংগীত! সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

৬ বছৰীয়া শিশুৰ সুললিত কন্ঠত অসমৰ জাতীয় সংগীত! সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

March 11, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এগৰাকী ৬ বছৰীয়া কন্যা শিশু। নাম কালমাৱিজো মাৰ। ঘৰ অসমৰ হাফলঙত। তেওঁৰ এক বিশেষ প্ৰতিভা এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

শিশু গৰাকীয়ে অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’ পৰিবেশন কৰি এৰি দিয়ে সামাজিক মাধ্যম ইউটিউবত আৰু তাৰ পিছতেই ভাইৰেল হৈ পৰে হাফলঙৰ এই ৬ বছৰীয়া কন্যা কালমাৱিজো মাৰ।

উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই টুইটাৰত কালমাৱিজোৱে পৰিবেশন কৰা জাতীয় সংগীতৰ ভিডিঅ’টো শ্বেয়াৰ কৰি কন্যাগৰাকীক ভূয়সী প্ৰশংসা কৰে । যাৰ ফলত এই ভিডিঅ’টো দ্ৰুত হাৰত ভাইৰেল হৈ পৰে। সকলোৱে বৰ্তমান কন্যা গৰাকীৰ এই প্ৰতিভাক প্ৰশংসা কৰিছে।

সমুজ্বল ভট্টাচাৰ্যই টুইটাৰত লিখে, “হাফলংৰ এখন অতি ভিতৰুৱা গাঁৱৰ কণমানি শিশুৰ সুললিত কণ্ঠই আমাক আকৰ্ষিত কৰিছে।” তেওঁ লগতে কয় যে, আগন্তুক ৫ বছৰৰ শিক্ষাৰ বাবে শিশু গৰাকীৰ যাৱতীয় খৰছ উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ ছাত্ৰ সন্থাই বহন কৰিব।

এই সন্দৰ্ভত কন্যাগৰাকীৰ মাতৃ ফেলিচিয়া জ’টে কয় যে, কালমাৱিজোৱে ২ বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰিছিল। তাই নিজেই ইউটিউব ভিডিঅ’ সমূহ চাই অনুশীলন কৰে। আৰু তেনেকৈয়ে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোহোৱাকৈ তাই ভাষাৰ গান গাবলৈ লৈছিল। ২০১৭ চনৰ শিশু সমাৰোহত তাই প্ৰথমবাৰৰ বাবে মঞ্চত গীত পৰিৱেশন কৰিছিল।

ইয়াৰ পিছতেই কালমাৱিজোৰ মাতৃয়ে এটা ইউটিউব চেনেল আৰম্ভ কৰে য’ত কন্যাৰ সংগীতৰ ভিডিঅ’সমূহ আপলোড কৰা হয় যাতে ভৱিষ্যতে কন্যাই শিশুকালৰ ভিডিঅ’ সমূহ চাব পাৰে।

কন্যাক লৈ পিতৃ-মাতৃ গৌৰৱান্বিত আৰু আশাবাদী।

লগতে চাওকঃ

প্ৰেমিকাক কোলাত বহুৱাই বাইক ষ্টাণ্ট কৰি জৰিমনা ভৰিলে প্ৰেমিকে! ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা

ক’ভিড-১৯ আক্ৰান্ত হৈয়ো JEE-2021 ত শীৰ্ষস্থান লাভ কৰা অসমৰ ৰঞ্জিভ প্ৰবাল দাস এলন মাস্কৰ অনুগামী

বাংলাদেশৰ পৰা ২০০৪ চনতে সন্ধানহীন ভনীয়েকক ভাৰতত বিচাৰি পালে ভাতৃয়ে!

সঞ্জনা গণেশনৰ সৈতে বিবাহপাশত আবদ্ধ বুমৰাহ, শ্বেয়াৰ কৰিলে ফটাে