৭੦ বছৰ বয়সত অৱসৰপ্ৰাপ্ত শিক্ষকে অর্জন কৰিলে হোমিঅ’পেথিকৰ ডিপ্লমা ডিগ্ৰী

নিউজ ডেস্ক। শিক্ষাগ্ৰহণৰ কােনাে আনুষ্ঠানিক বয়স নাই!

এই কথাকেই যেন পুনৰবাৰ প্ৰমাণিত কৰি দেখুৱালে যােৰহাটৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে।

শিক্ষকতাৰ পৰা অৱসৰগ্ৰহণ কৰাৰ পাছত থমকি নৰৈ দূৰ শিক্ষাৰ যোগেদি হোমিঅ’পেথিক চিকিৎসাৰ ডিপ্লমা লাভ কৰি দেখুৱালে উত্তৰ পশ্চিম যোৰহাটৰ সকাইখঙীয়া গাঁৱৰ হৰেশ্বৰ বৰাই।

হোমিঅ’পেথিক চিকিৎসাৰ প্ৰতি অগাধ ৰাপ থকা শিক্ষকগৰাকীয়ে তেওঁ অৱসৰৰ পাছত গুৱাহাটীৰ আনন্দ নগৰস্থিত নেশ্যনেল কলেজ অব্ অলটাৰনেটিভ মেডিচিনছ এণ্ড কম্পাউণ্ড হোমিঅ’পেথিত নামভৰ্তি কৰি দূৰ শিক্ষা ব্যৱস্থাৰ আধাৰত হোমিঅ’ চিকিৎসাৰ শিক্ষা আহৰণ কৰে।

শিক্ষকগৰাকীয়ে ২০২২ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত হোৱা চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতাৰে এম ডি চি এইচ, বি ডি ডি চি এইচ আৰু এফ আৰ চি এইচ ডিপ্লমা লাভ কৰিবলৈ সক্ষম হয়।

২০১৩ চনৰ জুলাই মাহত নহটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰা হৰেশ্বৰ বৰাই যোৰহাট জিলাৰ কৃতী শিক্ষকৰ বঁটা আৰু ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল।

সকাইখঙীয়া গাঁৱৰ বাসিন্দা প্ৰয়াত সোণাৰাম বৰা আৰু খৰ্গেশ্বৰী বৰাৰ একমাত্র পুত্র হৰেশ্বৰ বৰা।

এই অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে আত্ম সন্তুষ্টিৰ বাবে বৰ্তমান হোমিঅ’পেথিক চিকিৎসা সেৱা আগবঢ়াই আহিছে।