৭ ঘণ্টা বাথৰূমত একেলগে থাকিল বাঘ আৰু কুকুৰ! শ্বাসৰুদ্ধকৰ অভিযানত উদ্ধাৰ কৰিলে বন বিভাগে

নিউজ ডেস্ক। এই পৃথিৱীত কি কি যে কাণ্ড নহয়! তাৰে কিছুমানৰ ৰহস্য বুজা যায় আৰু কিছুমানৰ নুবুজাকৈয়ে থাকি যায়। জীৱ জগতত চলে নানা কিছু কাণ্ড। সেই অনুসৰি বন্য জীৱ জন্তুৰ জীৱনো অতি ৰোমাঞ্চকৰ ঘটনাৰে ভৰা। নিতৌ খাদ্যৰ বাবে সংঘাত থাকেই। তাৰ লগে লগেই খাদ্যৰ সন্ধান।

জংঘলৰ পৰা বন্যজন্তু যদি কেনেবাকৈ খাদ্য সন্ধানত বাহিৰলৈ ওলাই আহে, তেতিয়াটো অতি ভয়ংকৰ কথা। তেনে এক ভয়ংকৰ কাণ্ডই ঘটিছে কৰ্ণাটকৰ দক্ষিণ কান্নডৰ কিডু সংৰক্ষিত বনাঞ্চলত।

সকলো ঠিকেই আছিল তেতিয়ালৈকে। কিন্তু জংঘলৰ পৰা ওলাই অহা এটা বাঘে পথৰ কুকুৰ দেখি আহিলে খেদি। কুকুৰটোৱেও দেখি ভয় খাই দৌৰি পলাবলৈ চায়। সম্ভৱ বাঘটোৰো বৰ এটা ভোক নাছিল। সেয়েহে যেন মৰমৰ দৃষ্টিৰে চাইছিল কুকুৰটোক। দৌৰি দৌৰি কুকুৰটো এটা ফাৰ্ম হাউচৰ বাথৰূমত সোমাই পৰিছিল। লগতে সোমাই গল বাঘটোও। বাথৰূমত জন্তুৰ শব্দ শুনি গৰাকীয়েও বাহিৰৰ পৰা বন্ধ কৰি দিলে বাথৰূমৰ দৰ্জা। লগে লগে দুয়ো আৱদ্ধ হৈ পৰিল বাথৰূমৰ ভিতৰত।

ইয়াৰ লগে লগেই বন বিভাগলৈ খবৰ পঠোৱা হ’ল। লৰালৰিকৈ বন বিভাগৰ লোক আহি বাঘটো ধৰাৰ চিন্তা কৰে। বাথৰূমৰ বাকীসমূহ দৰ্জা বন্ধ কৰি এটা ফুটা কৰি দিয়া হয়। যাতে সেইফালেৰে বাঘটোক ধৰিব পৰা যায়।

এনে অৱস্থাতেই ভাবি চিন্তি কিছু ক্ষণ ৰোৱাৰ পিছতেই বাঘটোৱে সেই ফুটাটোৰে জপিয়াই পলায় যাবলৈ সক্ষম হয়। আৰু জংঘলৰ দিশে বাট লৈ দৌৰে। ইয়াৰ পিছতেই কুকুৰটোক বাঘটোৱে নিধন কৰিলে বুলি ভাবি খোলা হল বাথৰূমৰ দৰ্জা। কিন্তু দৰ্জা খুলি সকলো হল আচৰিত। দেখিলে যে বাঘটোৱে কুকুৰটোক মৰাটো বাদেই এটা আছোঁৰো মৰা নাই। সঁচাই বিচিত্ৰ যেন এই জগত।

এজন বন বিষয়াই এই সন্দৰ্ভত কয় যে বাথৰূমৰ দৰ্জা বন্ধ কৰি দিয়াৰ বাবে বাঘটোৱে ইমানেই ভয় খালে যে কুকুৰটোক মৰাৰ কথা আৰু সি নাভাবিলে। পলাই যোৱাই কেৱল তাৰ একমাত্ৰ উদ্দেশ্য আছিল। সেই কাৰণেই বাছি যায় কুকুৰটো। আৰু এনেদৰেই প্ৰায় ৭ ঘণ্টা সময় একেলগে বাথৰূমত আবদ্ধ হৈ থাকিল কুকুৰ আৰু বাঘ।

অৱশেষত এক শ্বাসৰুদ্ধকৰ অভিযান চলাই কুকুৰটােৰ উদ্ধাৰ কৰাৰ লগতে বাঘটােক পিঞ্জৰাবদ্ধ কৰি উদ্ধাৰ কৰে বন বিভাগৰ দলে।

লগতে চাওকঃ

যাত্ৰীবাহী বলেৰ’ বাহনত জব্দ ৪ টা চােৰাং গৰু!

পুৰুষ আৰু মহিলাৰ বিয়াৰ আইনী বয়স ২১ বছৰ কৰাৰ দাবী! উচ্চতম ন্যায়ালয়ত অচিৰেই শুনানি

ঘণ্টাৰ পাছত ঘণ্টা ধৰি অনলাইন গেমত ব্যস্ত আছিল কিশোৰ, হঠাতে অচেতন হৈ ঘটিল মৃত্যু

পিতৃৰ সৈতে এটিএমৰ পৰা ধন উলিয়াবলৈ গৈ বাইকৰ খুন্দাত মেধাৱী ছাত্ৰীৰ মৃত্যু

Leave a Comment