সততা! ৭ লক্ষাধিক টকাৰ গহণাভৰ্তি বেগ বাটত পাই আৰক্ষীক গতাই দিলে কিশোৰীয়ে, কৰা হ’ল সন্মানিত

সততা! ৭ লক্ষাধিক টকাৰ গহণাভৰ্তি বেগ বাটত পাই আৰক্ষীক গতাই দিলে কিশোৰীয়ে, কৰা হ’ল সন্মানিত

February 23, 2022 0 By NEWS DESK

মধ্যপ্ৰদেশৰ এগৰাকী ১৩ বছৰীয়া কিশোৰী। নাম তেওঁৰ ৰীনা আহিৰৱাৰ।

ৰাইচেন জিলাৰ এখন সৰু গাঁৱৰ এটি নিচেই দৰিদ্ৰ পৰিয়ালৰ এই কণমানিজনীয়ে কৰা এটা কামে আজি ভাবুক কৰি তুলিছে সকলোকে।

ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ ৰীনাৰ প্ৰশংসাৰে এতিয়া উপচি পৰিছে সামাজিক মাাধ্যম।

এই কিশোৰীগৰাকীয়ে যি কাম কৰি দেখুৱাইছে, সেয়া জানিলে আপোনাৰো মন সুখৰে ভৰি পৰাটো নিশ্চিত।

সংস্কাৰ এনে বিষয়, যিয়ে প্ৰতিজন ব্যক্তিৰ ভৱিষ্যত নিৰ্ণয় কৰে। ভাল সংস্কাৰে ভাল পথ দেখুৱায় আৰু বেয়া সংস্কাৰে টানি লৈ যায় হত্যা, হিংসা, ঘৃণাৰ অন্ধকাৰ জগতলৈ।

মধ্যপ্ৰদেশৰ ৰাইচেনৰ ১৩ বছৰীয়া ৰীনাক পিতৃ-মাতৃয়ে দিয়া সংস্কাৰৰ বাবেই আজি সৰ্বত্ৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৰীনাই।

অতি দৰিদ্ৰ পৰিয়ালৰ হৈও হাতত কেইবালাখ টকীয়া সোণ-ৰূপৰ গহনাই বিচলিত কৰিব নোৱাৰা সংস্কাৰ লাভ কৰিছে ৰীনা আহিৰৱাৰ নামৰ কিশোৰীগৰাকীয়ে।

দৰাচলতে ৰাইচেন জিলাৰ চিলাৰীৰ বাসিন্দা মঙ্গল সিং আহিৰৱাৰৰ কন্যা ৰীনাই শনিবাৰে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পথত উংহোৰা ৰোডত এটা বেগ পৰি থকা দেখা পায়। ৰীনাই পথৰ পৰা বেগটো তুলি খুলি চোৱাত ভিতৰত অনেক সোণ-ৰূপৰ আ-অলংকাৰ থকা দেখা পায়।

ৰীনাই বেগটো ঘৰলৈ অনাৰ পিছত নিশা ঘৰলৈ অহা দেউতাকক বেগটোৰ বিষয়ে অৱগত কৰে। প্ৰায় ৭ লাখ টকাৰ গহনাভৰ্তি বেগটো দেখি সাধাৰণ যিকোনো ব্যক্তিয়েই বিচলিত হ’লহেঁতেন। কিন্তু দৰিদ্ৰ হ’লেও সততাৰে জীৱন নিৰ্বাহ কৰা মংগল সিং আহিৰৱাৰ আৰু তেওঁৰ পৰিয়ালে বেগটো প্ৰকৃত মালিকক উভতাই দিয়াৰ সিদ্ধান্ত লয়।

সেই অনুসৰি পিছদিনা পুৱা অৰ্থাৎ দেওবাৰে মংগল সিঙে কন্যা ৰীনাৰ সৈতে উদয়পুৰা কমিউনিটি হেল্থ চেণ্টাৰৰ ডাঃ এম এল বদকুৰ কাষলৈ যায়। তাৰ পিছত তেওঁলোকে আৰক্ষীৰ ওচৰলৈ গৈ বেগটো বাটত পোৱাৰ বিষয়ে অৱগত কৰে।

ইফালে বেগটোৰ প্ৰকৃত মালিক যশপাল পাৰমাৰেও বেগটো হেৰুওৱা সন্দৰ্ভত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। পাৰমাৰে জানিবলৈ দিয়া মতে, তেওঁৰ কন্যা ৰঞ্জনাৰ বিয়াৰ বাবে তেওঁ গহনাখিনি বেগত ভৰাই বাইকেৰে আহি থকাৰ সময়তে ককুৱা আৰু উদয়পুৰাৰ মাজত পৰি গৈছিল।

তেওঁ বেগটো হেৰুওৱা সন্দৰ্ভত সামাজিক মাধ্যম যোগেও পোষ্ট কৰিছিল আৰু উভতাই দিয়াজনক নগদ ৫১ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদানৰ ঘোষণা কৰিছিল।

আনহাতে আৰক্ষীৰ পৰা তেওঁ বেগটো উভতাই পোৱাৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে সোমবাৰে আৰক্ষীৰ সন্মুখত ৰীনা আৰু পিতৃ মংগল সিঙ আহিৰৱাৰে বেগটো প্ৰকৃত মালিকক ঘূৰাই দিয়ে। বেগটো উভতাই দিয়াৰ আনন্দত যশপাল পাৰমাৰে ৰীনাক এযোৰ নতুন কাপোৰৰ লগতে ৫১ হাজাৰ টকা উপহাৰ হিচাপে প্ৰদান কৰে।

ইফালে উদয়পুৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰকাশ শৰ্মাইও ৰীনাই দেখুওৱা সততাৰ বাবে তেওঁক ১১০০ টকা নগদ ধনেৰে সন্মানিত কৰে। ৰীনাক জিলা পৰ্যায়তো সন্মানিত কৰা হ’ব বুলি ঘোষণা কৰে আৰক্ষী বিষয়াগৰাকীয়ে।

উল্লেখ্য যে, মাত্ৰ ২০০ টকাৰ দিন হাজিৰাৰে পৰিয়ালৰ পোহপাল দিয়া সাধাৰণ শ্ৰমিক মংগল সিং আহিৰৱাৰে নিজ কন্যাক দিয়া সংস্কাৰে এতিয়া সামাজিক মাধ্যমত যথেষ্ট প্ৰশংসিত হৈছে। লোভ আৰু লালসাৰ কুটিল সমাজখনৰ মাজতো এতয়াও সততাৰে জীয়াই থকা মানুহ আছে, ৰীনাই কৰা মহৎ কাৰ্যই সেই কথাই প্ৰমাণ কৰি দেখুৱাইছে।