
৮ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হােৱা চৰকাৰী কৰ্মচাৰীক ৪ বছৰৰ কাৰাদণ্ড আদালতৰ, বিহিলে জৰিমনাও
August 17, 2022নিউজ ডেস্ক। এজন ব্যক্তিৰ পৰা ৮ হাজাৰ টকাৰ ঘােচ লৈ ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ হােৱা চৰকাৰী কৰ্মচাৰীক ৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে।
কেৱল এয়াই নহয়, কৰ্মচাৰীজনে ভৰিব লাগিব ১੦ হাজাৰ টকাৰ জৰিমনাও।
এই নিলম্বিত কৰ্মচাৰীজনৰ নাম হৈছে দেৱেশ্বৰ তালুকদাৰ।
জানিব পৰা মতে, তেওঁ গুৱাহাটীৰ খানাপাৰাস্থিত পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত জ্যেষ্ঠ সহায়ক হিচাপে কৰ্মৰত আছিল।

জৰিমনা আদায় নকৰিলে তেওঁ অতিৰিক্ত দুমাহৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব।
উল্লেখযোগ্য যে দেৱেশ্বৰ তালুকদাৰে এছুৰেন্স লেটাৰ প্ৰদানৰ নামত এজন লোকৰ পৰা ৩৮ হেজাৰ টকা দাবী কৰিছিল।
এই সন্দৰ্ভত ভুক্তভোগী লোকজনে দুর্নীতি নিৰীক্ষণ আৰু তদাৰকী কোষত ২০১৫ চনৰ ৭ ডিচেম্বৰত এক অভিযোগ দাখিল কৰে।
এনে অভিযোগৰ ভিত্তিত তদন্তকাৰী দলে জাল পেলাই ৮ হেজাৰ টকা উৎকোচ লওঁতেই জ্যেষ্ঠ সহায়ক দেৱেশ্বৰ তালুকদাৰক হাতে-লোটে গ্রেপ্তাৰ কৰে।
ইয়াৰ পিচত তদাৰকী কোষে ২০১৮ চনৰ ২৭ এপ্ৰিলত তালুকদাৰৰ বিৰুদ্ধে আদালতত দাখিল কৰে অভিযোগনামা।
সমগ্র গোচৰ প্ৰক্ৰিয়াক লৈ দীৰ্ঘদিন ধৰি শুনানি গ্রহণৰ অন্তত অৱশেষত আদালতে ঘোচখোৰ জ্যেষ্ঠ সহায়ক দেৱেশ্বৰ তালুকদাৰক চাৰি বছৰৰ কাৰাদণ্ড বিহে।