৯৪ বছৰ বয়সতো দুঃসাহসিক প্ৰদৰ্শন! আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযােগিতাত সোণ-ব্ৰঞ্জৰ পদক জয় ‘আইতা’ৰ

নিউজ ডেস্কঃ বয়স মাথোঁ এটা পৰিসংখ্যাহে… এই কথাই প্ৰমাণ কৰিলে ভাৰতৰ ৯৪ বছৰীয়া ভগৱানী দেৱী ডাগৰে।

যি বয়সত মানুহে সাধাৰণতে সঠিকভাৱে উঠা-বহাকে কৰিব নোৱাৰে, সেই সময়তে বিদেশৰ মাটিত ভাৰতবাসীক গৌৰৱাম্বিত কৰিবলৈ সক্ষম হ’ল ভগৱানী দেৱীয়ে।

বিশ্ব মাষ্টাৰছ এথলেটিকছ চেম্পিয়নশ্বিপৰ জ্যেষ্ঠ নাগৰিক শাখাত ১০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰাৰ পিছত শ্বট পুটতো ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ভাৰতৰ ৯৪ বৰ্ষীয় ভগৱানী দেৱী ডাগৰে।

ফিনলেণ্ডৰ টাম্পেৰেত অনুষ্ঠিত বিশ্ব মাষ্টাৰছ এথলেটিকছ চেম্পিয়নশ্বিপত ১০০ মিটাৰ স্প্ৰিণ্ট ইভেণ্টত এই কৃতিত্ব অৰ্জন কৰে ‘স্প্ৰিণ্টাৰ দাদী’ ভগৱানীয়ে। ২৪.৭৪ ছেকেণ্ডত তেওঁ দৌৰ সম্পন্ন কৰি লাভ কৰে সোণৰ পদক। ইয়াৰ পিছতে শ্বট পুটতো তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।

ডিঙিত সোণ আৰু ব্ৰঞ্জৰ পদক পিন্ধি হাতত ত্ৰিৰংগা লৈ থকা ‘স্প্ৰিণ্টাৰ দাদী’ ভগৱানী দেৱীৰ এখন ফটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। জীৱনৰ ৯৪টা বসন্ত অতিক্ৰম কৰাৰ পিছতো বাৰ্ধক্যৰ প্ৰত্যাহ্বানক নেওচি ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা ভগৱানী দেৱীক প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে।

ভাৰতৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়েও তেওঁক অভিনন্দন জ্ঞাপন কৰি অফিচিয়েল টুইটাৰ একাউণ্টত পোষ্ট কৰি তেওঁৰ এখন ফটো। মন্ত্ৰণালয়ে য’ত লিখিছে, ”ভাৰতৰ ৯৪ বছৰীয়া ভগৱানী দেৱীয়ে পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱাইছে যে বয়স মাথোঁ এটা সংখ্যাহে। তেওঁ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে। সঁচাকৈয়ে এয়া তেওঁৰ দুঃসাহসিক প্ৰদৰ্শন।’’

2 thoughts on “৯৪ বছৰ বয়সতো দুঃসাহসিক প্ৰদৰ্শন! আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযােগিতাত সোণ-ব্ৰঞ্জৰ পদক জয় ‘আইতা’ৰ”

Comments are closed.