৯ বছৰ ধৰি পত্নীৰ সৈতে কাজিয়া! অৱশেষত চৰম সিদ্ধান্ত ল’লে CRPF জোৱান হেমাংগ কলিতাই…

৯ বছৰ ধৰি পত্নীৰ সৈতে কাজিয়া! অৱশেষত চৰম সিদ্ধান্ত ল’লে CRPF জোৱান হেমাংগ কলিতাই…

October 17, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ বিয়াৰ পিছৰে পৰা পত্নীৰ সৈতে লাগি অহা কাজিয়াত অতীষ্ঠ হৈ অৱশেষত মৃত্যুৰ পথ বাচি ল’লে এগৰাকী চিআৰপিএফ জোৱানে।

বজালী জিলাৰ ৰতনপুৰৰ নিৱাসী চিআৰপিএফ জোৱান হেমাংগ কলিতাই দেওবাৰে স্বগৃহত আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, ২০১৩ চনত চিআৰপিএফত যোগদান কৰা হেমাংগ কলিতা ৯ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল।

কিন্তু বিয়াৰ পিছতে পৰা বিভিন্ন কাৰণত পত্নীৰ সৈতে সংঘাতৰ সৃষ্টি হৈছিল হেমাংগৰ।

শনিবাৰে তেওঁ কৰ্মস্থলী গোলাঘাটৰ পৰা ঘৰলৈ ছুটী লৈ অহাৰ পিছতো পত্নীৰ সৈতে পুনৰ কোনো কাৰণত কাজিয়া আৰম্ভ হয়।

তাৰ পিছতে দেওবাৰে জীৱনৰ চৰম সিদ্ধান্তটো গ্ৰহণ কৰে চিআৰপিএফ জোৱান হেমাংগ কলিতাই।

ইফালে হেমাগংৰ মৃত্যুৰ পিছতে পৰিয়ালে পাটাছাৰকুছি সদৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁৰ পত্নীক।

হেমাংগৰ নশ্বৰ দেহ দেওবাৰে মৰণোত্তৰ পৰীক্ষাত অন্তত স্বগৃহলৈ অনাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ।

চিআৰপিএফৰ বিষয়াসকলে মৃত জোৱানজনক শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয় শেষকৃত্য।