
ৰহস্যজনক! এয়াৰ হোষ্টেছ হিচাপে কৰ্মৰত অসমীয়া যুৱতীৰ বহিঃৰাজ্যত মৃত্যু
June 12, 2022নিউজ ডেস্ক। কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ পুনৰ ৰহস্যজনকভাৱে মৃত্যু এগৰাকী অসমীয়া যুৱতীৰ।
নতুন দিল্লীত এয়াৰ হোষ্টেছ হিচাপে কৰ্মৰত অসমৰ এগৰাকী যুৱতীৰ ৰহস্যজনক ভাবে নিজৰ ভাড়াঘৰত মৃত্যুদেহ উদ্ধাৰ হয়।
মৃত যুৱতীগৰাকী গুৱাহাটীৰ পূজা বৰুৱা।

দিল্লীৰ মালবিয়া নগৰৰ বেগমপুৰ নামৰ অঞ্চলটোত ভাড়া ঘৰত মৃত অৱস্থাত উদ্বাৰ হয় পূজাৰ মৃতদেহ ৷
আৰক্ষীৰ প্ৰাথমিক তদন্তত যুৱতী গৰাকী কোঠাৰ ভিতৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু হৈছে বুলি সন্দেহ কৰা হৈছে।
এয়াৰ কুলাৰৰ পৰা বিদ্যুৎস্পৃষ্ট হোৱাৰ সন্দেহ আৰক্ষীৰ।
নিশা এইমছলৈ মৰণােত্তৰ পৰীক্ষাৰ বাবে যুৱতী গৰাকীৰ মৃতদেহ প্ৰেৰণ কৰা হয়।
লগতে চাওকঃ
মহানগৰীত ডাম্পাৰৰ দৌৰাত্ম্য! ডাম্পাৰৰ খুন্দাত বাইক আৰােহী বিজেপি নেতাৰ মৃত্যু
