ৰহস্যজনক! চাংসাৰীৰ নিৰ্মীয়মান এইমছৰ ৭ম মহলাৰ পৰা পৰি চিকিৎসক মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। অসমৰ প্ৰথমখন এইমছৰ নিৰ্মীয়মান চৌহদত অঘটন।

৭ মহলীয়া অট্টালিকাৰ পৰা ৰহস্যজনকভাৱে তললৈ পৰি প্ৰাণ গ’ল এগৰাকী অসমীয়া চিকিৎসকৰ।

মৃত চিকিৎসকজনৰ নাম ডাঃ ফল্গু প্ৰতীম।

তেওঁ ফাৰ্মাক’লজী বিভাগৰ জ্যেষ্ঠ চিকিৎসক তথা ফেকাল্টী।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসা প্রতিষ্ঠানখনৰ এগৰাকী জ্যেষ্ঠ অসমীয়া চিকিৎসকে এনেদৰে অকাল মৃত্যুক সাবটি লোৱা ঘটনাই সৃষ্টি কৰিছে গভীৰ ৰহস্যৰ।

জানিব পৰা মতে, গুৱাহাটী মহানগৰীৰ গীতানগৰ থানাৰ অন্তৰ্গত অম্বিকাগিৰী নগৰৰ সমীপৰ মিলন পথৰ জ্যোতিশিখা ফ্লেট নম্বৰ ৩ বিৰ বাসিন্দা ডাঃ ফল্গু প্রতীম।

উল্লেখ্য যে এইমছ, গুৱাহাটীৰ সামগ্রিক নির্মাণকার্য এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই যদিও ইতিমধ্যে শিক্ষাৰ্থীৰ বাবে হোষ্টেল মুকলি কৰা হৈছে।

প্ৰথম, দ্বিতীয় ছেমিষ্টাৰৰ পাঠদান কার্যও মুকলি কৰা হৈছে। অসমীয়া চিকিৎসক গৰাকীও আছিল এইমছৰ ফেকাল্টী।

কিন্তু দিনৰ ১১.২০ বজাত হঠাৎ এইমছৰ চিকিৎসকৰ কোৱাৰ্টাৰৰ বাবে প্রায় সাজু হৈ উঠা এটা (Type 4 & 5) সাত মহলীয়া অট্টালিকাৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত চিকিৎসক ফল্গু প্রতীমক ততালিকে উত্তৰ গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত ভৰ্তি কৰায় যদিও কিছু সময় পাছতে মৃত্যুক আঁকোৱালি লয়।

ইতিমধ্যে চিকিৎসক গৰাকীৰ ক্ষেত্ৰত সংঘটিত এনে অবাঞ্ছিত ঘটনাক লৈ চিকিৎসা প্রতিষ্ঠানখনত চাঞ্চল্য সৃষ্টি হয়।

এই অট্টালিকাটোলৈ চিকিৎসকজন কিয় গৈছিল বা ইয়াত অন্য কিবা অভিসন্ধি আছিল নেকি, তাক লৈও সন্দেহ হৈছে একাংশৰ। কাৰণ সেই সময়ত অট্টালিকাটোত কোনো নাছিল।

আনহাতে, সপ্তম মহলাৰ ছেভ গার্ডলৈ লক্ষ্য কৰিলে তাৰ পৰা পৰি যোৱাৰ কোনো সম্ভাৱনা নাই।

এনে প্ৰেক্ষাপটত একাংশই এয়া জঁপিয়াই ইচ্ছাকৃত আত্মহনন বুলি ক’ব বিচাৰে যদিও মৰণোত্তৰ পৰীক্ষা নহালৈকে প্ৰকৃত সত্য উদ্ধাৰ নহয়।

অৱশ্যে চাংসাৰি আৰক্ষীয়েও বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে চলিত বছৰতে ৰোগীৰ বাবে এই চিকিৎসালয়খন মুকলি হােৱাৰ কথা।

ইতিমধ্যে নিৰ্মাণকাৰ্যৰ প্ৰায় ৯০ শতাংশ কাম সম্পন্ন হৈছে।