ৰাইজৰ তৎপৰতাত নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিল বনৰীয়া হাতী আৰু পােৱালি

ৰাইজৰ তৎপৰতাত নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিল বনৰীয়া হাতী আৰু পােৱালি

May 15, 2021 0 By NEWS DESK

নিউজ ডেস্ক। নগাঁৱত সন্দেহজনক বজ্ৰপাতৰ ঘটনাত একেলগে ১৮ টাকৈ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনাই মৰ্মাহত কৰি তুলিছে সকলাে প্ৰকৃতিপ্ৰেমী লােকক।

তাৰ মাজতে আহিছে এক ভাল খবৰ। ৰাইজৰ তৎপৰতাৰ বাবেই নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিল এটা বনৰীয়া হাতী তথা পােৱালি।

বিগত কেইবাদিন ধৰি এটা পাহাৰীয়া শিলৰ ফাঁকত আবদ্ধ হৈ থকা হাতী দুটাক পানী আৰু খাদ্য যােগান ধৰি জীয়াই ৰাখে সচেতন প্ৰকৃতিপ্ৰেমী লােকে।

তাৰ পাছতে বন বিভাগৰ সহযােগত জীৱন্তে উদ্ধাৰ কৰে দুয়ােকে।

এই ঘটনাৰ স্থান কামৰূপ জিলাৰ ছয়গাঁৱৰ দুৰ্গম জালুকবাৰী পাহাৰ। জানিব পৰা মতে, ছয়গাঁৱৰ পৰা প্ৰায় ২੦ কিলােমিটাৰ দূৰত্বত অৱস্থিত এই পাহাৰ। পাহাৰত খৰি আনিবলৈ যােৱা লােকে হাতীৰ চিঞৰ শুনি ঘটনাৰ তদন্ত কৰে।

ইয়াৰ পাছতে প্ৰত্যক্ষ কৰি শিলৰ ফাঁকৰ মাজত আবদ্ধ হৈ থকা মাইকী হাতী তথা সদ্যােজাত পােৱালি হাতী।

এই খবৰ লাভ কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কৰ্মীসকলে। লগে লগে উদ্ধাৰ অভিযান চলাবলৈ তৎপৰ হৈ পৰে ছাত্ৰ সন্থাৰ কৰ্মীসকল।

শনিবাৰে ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা তথা স্থানীয় ৰাইজে বন বিভাগৰ সহযােগ চলায় উদ্ধাৰ অভিযান।

অতি কষ্টসাধ্য এই অভিযানত শিলৰ মাজত আবদ্ধ হৈ থকা মাইকী হাতী তথা প্ৰায় এমাহ পূৰ্বে জন্মলাভ কৰা পােৱালিক জীৱন্তে উদ্ধাৰ কৰে।

অৱশ্যে, হাতী পােৱালিটাে এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই।

নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰদীপ ৰাভাই জানিবলৈ দিয়া মতে, সময়মতে এই উদ্ধাৰ অভিযান চলোৱা বাবেই দুয়ােটা হাতীৰে প্ৰাণৰক্ষা পৰে।