
ৰাজপথত অসহায় বৃদ্ধাক নিজৰ ট্ৰাইচাইকেলেৰে গন্তব্যস্থানত থৈ পুৰস্কৃত দুভৰি নথকা আব্দুল
June 23, 2022নিউজ ডেস্কঃ মানৱতাৰ অনন্য নিদৰ্শন দাঙি ধৰিলে বঙাইগাঁৱৰ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিয়ে।
এগৰাকী হিন্দু বৃ্দ্ধাক নিজৰ ট্ৰাইচেইকেলৰ পিছফালে বহুৱাই সুদীৰ্ঘ ৫ কিলোমিটাৰ নিলগৰ গন্তব্যস্থানত থৈ আহে আব্দুল আজিজ নামৰ দুভৰি নথকা বিশেষভাৱে সক্ষম লোকজনে।
সামাজিক মাধ্যমত আব্দুল আজিজৰ মহানুভৱতাৰ এখন আলোকচিত্ৰ ভাইৰেল হৈ পৰাৰ পিছতে এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে ডিঙিত গামোছা পিন্ধাই সন্মানিত কৰে আব্দুল আজিজক।

দৰাচলতে বঙাইগাঁৱৰ এটা পথত নিশ গাড়ীৰ বাবে অপেক্ষা কৰি আছিল এগৰাকী হিন্দু বৃদ্ধাই। তেওঁ কেইবাখনো বানহক ৰখাবলৈ সংকেত দিয়াৰ পিছতো কোনোৱেই ৰখোৱা নাছিল।
আনকি বিশেষভাৱে সক্ষম পথচাৰী আব্দুল আজিজেও কেইবাখনো গাড়ীক চিগনেল দি ৰখাবলৈ চেষ্টা চলায় যদিও তেঁৱো ব্যৰ্থ হয়।
যাৰ ফলত আব্দুল আজিজে নিজৰ তিনিচকীয়া বিশেষ চাইকেলখনৰ পিছফালে বৃদ্ধ মহিলাগৰাকীক বহুৱাই ৫ কিলোমিটাৰ নিলগৰ গন্তব্যস্থানত থৈ আহে।

ইফালে এই আবেগিক মুহূৰ্তৰ এখন আলোকচিত্ৰ ভাইৰেল হৈ পৰাৰ পিছতে বদৰুদ্দিন আজমলে আব্দুল আজিজক সন্মানিত কৰে।
তদুপৰি আব্দুলৰ দুভৰিৰ চিকিৎসাৰ বাবে আজমল ফাইণ্ডেশ্যনৰ পৰা ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। লগতে আব্দুল আজিজৰ ২ সন্তানৰ শিক্ষাৰ দায়িত্বও গ্ৰহণ কৰে আজমল ফাউণ্ডেশ্যনে।
[…] ৰাজপথত অসহায় বৃদ্ধাক নিজৰ ট্ৰাইচাইকে… […]