ৰাজপথত সেনাৰ বাহনত আক্ৰমণ এগৰাকী মডেলৰ, তাৰ পাছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। সুৰামত্ত মডেলৰ ৰাজপথত চূড়ান্ত অভদ্ৰামী। পথৰ মাজত থিয় হৈ কৰিলে অসভ্যালিৰ নাটক।

নিচাৰ ৰাগিত গুৰিয়াই গুৰিয়াই সুৰামত্ত মডেলে ভাঙিলে সেনাৰ গাড়ীৰ হেডলাইট।

বৰ্তমান তেনে এক দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। সেই দৃশ্য দেখা পোৱা গ’ল মধ্য প্ৰদেশৰ গোৱালিয়ৰত।

জানিব পৰা মতে, দিল্লীৰ এগৰাকী সুৰাসক্ত মডেলে গোৱালিয়ৰ চহৰৰ সমুদ্ৰ তীৰৰ পথত এক ভয়ংকৰ দৃশ্য প্ৰদৰ্শন কৰে।

যুৱতী গৰাকীয়ে ইমান বেছি সুৰাপান কৰিছিল যে তেওঁ ব্যস্ত পথৰ মাজত থিয় হৈছিল আৰু পথাচাৰীক ৰখাই দিছিল।

তেওঁ সকলো পথাচাৰীক হাৰাশাস্তি কৰিছিল। কেৱল সেয়াই নহয়, তেওঁ সেনাৰ জিপচীটো আক্ৰমণ কৰে।

তেওঁ যাব নোৱাৰাকৈ পথত থিয় হৈ সেনাৰ জিপচীখন ৰখাই দিছিল। তাৰ পিছতেই তেওঁ জিপচীখনৰ বনেটত গোৰ, লাথি মাৰিবলৈ আৰম্ভ কৰে। যাৰ ফলস্বৰূপে জিপচীখনৰ হেডলাইট বিস্ফোৰিত হৈছিল।

এটা দৃশ্যত দেখা অনুসৰি, তেওঁৰ অভদ্ৰামি দেখি পথত ৰৈ যোৱা লোকসকলক তেওঁ গালি-গালাজ আৰু আক্ৰমণ কৰিছিল।

এজন জোৱানে তেওঁক ধৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁ জোৱান জনক ঠেলি দিছিল। তেওঁৰ কাৰ্যৰ ভিডিঅ’ গ্ৰহণ কৰা লোকসকলকো তেওঁ গালি দিছিল।

উল্লেখ্য যে ঘটনাৰ সেই স্থানৰ নিচেই কাষত আছিল আৰক্ষী থানা। কিন্তু সেই সময়ত আৰক্ষী থানাত এগৰাকীও মহিলা আৰক্ষী উপস্থিত নাছিল।

পৰৱৰ্তী সময়ত মহিলা আৰক্ষী থানাৰ পৰা এগৰাকী মহিলা কনিষ্টবলক মাতি অনা হৈছিল।

তাৰ পিছতেই যুৱতী গৰাকীক আৰক্ষীৰ জিম্মাত লোৱা হৈছিল। আৰক্ষীয়ে যুৱতী গৰাকীক চিকিৎসা কৰে।

তেওঁ অত্যধিক সুৰাপান কৰি আছিল বুলি কয় আৰক্ষীয়ে।

লগতে চাওকঃ

চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Comment