ৰাজপথত হঠাৎ বুলেট বাইকত উঠি আৱিৰ্ভাৱ হৰ-পাৰ্বতীৰ! “মহাদেৱ”ক আটক আৰক্ষীৰ

নিউজ ডেস্কঃ শনিবাৰে পুৱাৰে পৰা সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছিল এটা বিশেষ ভিডিঅ’।

নগাঁৱৰ ৰাজপথত হঠাৎ আৱিৰ্ভাৱ ঘটিছিল হৰ-পাৰ্বতীৰ।

বুলেট বাইকত উঠি ৰাজপথৰে যাত্ৰা কৰা হৰ-পাৰ্বতীক দেখি ৰৈ ৰৈ চাইছিল বাটৰুৱাইও। নিমিষতে ভিৰ কৰিছিল সাংবাদিকে। কিন্তু তাৰ পিছত এতিয়া বিপদত পৰিবলগীয়া হ’ল মহাদেৱ!

দৰাচলতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে হৰ-পাৰ্বতীৰ ভেশ লৈ নগাঁৱৰ ৰাজপথত এক বাটৰ নাট মঞ্চস্থ কৰে এহাল যুৱক-যুৱতীয়ে।

বুলেট বাইক চলাই অহা মহাদেৱ আৰু পাৰ্বতীয়ে আধাবাটতে ৰখিব লগীয়া হয় বাইকৰ তেল শেষ হোৱাৰ ফলত।

তাৰ পিছতে পেট্ৰ’লৰ মূল্যক লৈ বাকযুদ্ধত লিপ্ত হয় মহাদেৱ আৰু পাৰ্বতীৰ ভেশ লৈ অহা যুৱক-যুৱতীয়ে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে তেওঁলোকৰ এই অভিনৱ প্ৰতিবাদৰ ভিডিঅ’।

কিন্তু সমান্তৰালভাৱে দেৱাদিদেৱ মহাদেৱ আৰু পাৰ্বতীক অপমান কৰাৰ অভিযোগ উত্থাপন হয় যুৱক-যুৱতীহালৰ বিৰুদ্ধে। তাৰ পিছতে দুয়োৰে বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলে গোচৰ তৰে আৰক্ষী থানাত।

এই দুই হিন্দুত্ববাদী সংগঠনৰ এজাহাৰৰ পিছতে নগাঁও আৰক্ষীয়ে আটক কৰিছে মহদেৱৰূপী বিৰিঞ্চি বৰাক। জানিব পৰা মতে, নগাঁও আৰক্ষীয়ে বিৰিঞ্চি বৰাক আটক কৰি বৰ্তমান নগাঁও সদৰ থানাত জেৰাত অব্যাহত ৰাখিছে।

মহাদেৱ আৰু পাৰ্বতীৰ ভাও লৈ এনেদৰে ৰাজপথত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা যুৱক-যুৱতীহালৰ কাৰ্যক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰো।

লগতে চাওকঃ

মই জীৱনত ইমান লজ্জিত হোৱা নাছিলোঁ! পশুপ্ৰেমী বিনীতৰ মৃত্যুত মৰ্মাহত মুখ্যমন্ত্ৰীয়ে কিয় ক’লে এই কথা?

1 thought on “ৰাজপথত হঠাৎ বুলেট বাইকত উঠি আৱিৰ্ভাৱ হৰ-পাৰ্বতীৰ! “মহাদেৱ”ক আটক আৰক্ষীৰ”

Comments are closed.