ৰাজহুৱা স্থানত বিষাক্ত সাপ ডিঙিত লৈ কৰি আছিল ধেমালি, তাৰ পিছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। সাধাৰণতে সাপক লৈ কোনোৱে নকৰে ধেমালি। সাপ দেখিলেই আঁতৰি যায় বহুতেই।

কিন্তু এইবাৰ এজন লোকে সেই কথাক গুৰুত্ব নিদি বিষাক্ত সাপৰ লগত কৰিলে ধেমালি। যাৰ ফলত সাপৰ দংশনত মৃত্যুক আঁকোৱালি লবলগীয়া হ’ল লোকজনে।

এই ঘটনা বৃহস্পতিবাৰৰ মহাৰাষ্ট্ৰৰ থানে জিলাৰ। আৰু এই দৃশ্য কেমেৰাত বন্দী কৰিছিল লোকজনৰ এজন বন্ধুৱে।

আৰক্ষীয়ে জনোৱা অনুসৰি, থানে জিলাৰ এজন ২৮ বছৰীয়া লোকে ডিঙিত এডাল সাপ মেৰিয়াই লৈছিল।

তেনেদৰে ডিঙিত সাপডাল মেৰিয়াই লৈ তেওঁ বজাৰলৈ গৈছিল। তেনে অৱস্থাত তেওঁ সাপডালৰ লগত খেলিছিল। কিন্তু খেলি থকা অৱস্থাতে সাপডালে তেওঁক তিনিবাৰ দংশন কৰে। যাৰ ফলত তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে লোকজনে তেনেদৰে সাপডালৰ লগত খেলা দৃশ্য মোবাইল কেমেৰাত বন্দী কৰিছিল তেওঁৰ এজন বন্ধুৱে।

বন্ধুজনে তেওঁক তেনে ভয়ংকৰ কাম কৰাত বাধা প্ৰদান কৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ কেমেৰাত বন্দী কৰা দৃশ্যটো শ্বেয়াৰ কৰে সামাজিক মাধ্যমত।

কিন্তু পৰৱৰ্তী সময়ত যেতিয়া লোকজনে নিজকে অসহজ যেন অনুভৱ কৰি বন্ধুজনক কয়, তেতিয়া বন্ধুজনে তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

মুম্বাই আৰক্ষীয়ে এই ঘটনাক এক দুৰ্ঘটনা হিচাপে বিবেচনা কৰি গোচৰ পঞ্জীয়ন কৰে। আৰু থানে চৰকাৰী চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰে।

Leave a Comment