ৰাজ্যত ‘ছেমখৰ’ বিতৰ্ক! দিল্লীত ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা গ্ৰহণ পৰিচালক-অভিনেত্ৰী আইমী বৰুৱাৰ…

ৰাজ্যত ‘ছেমখৰ’ বিতৰ্ক! দিল্লীত ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা গ্ৰহণ পৰিচালক-অভিনেত্ৰী আইমী বৰুৱাৰ…

September 30, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ বিতৰ্কই লগ নেৰিলেই ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে আইমী বৰুৱাৰ ছবি ‘ছেমখৰ’।

ছেমখৰৰ বাবে আন এক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা গ্ৰহণ কৰিলে আইমী বৰুৱাই।

আইমী বৰুৱাই এই ছবিখনৰ বাবে লাভ কৰিছে ৰজত কমল বঁটা।

দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত আইমী বৰুৱাক এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

উল্লেখ্য যে, তেওঁৰ ‘ছেমখৰ’ ছবিখনক লৈ শেহতীয়াকৈ ৰাজ্যত সৃষ্টি হৈছে বিতৰ্কৰ।

ছবিখনে ডিমাছা ভাষা-সংস্কৃতিক ভুলকৈ প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপন হৈছে।

যাৰ বাবে সামাজিক মাধ্যমৰ লগতে ৰাজপথতো আইমী বৰুৱাৰ বিৰুদ্ধে সাব্যস্ত হৈছে প্ৰতিবাদ।

আনহাতে ছবিখনত আইমী বৰুৱাৰ কোলাত থকা এটি তিনি মাহ সম্পূৰ্ণ নোহোৱা শিশুৰ শ্বুটিঙৰ পিছতে মৃত্যু ঘটাক লৈও সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ছবিখনৰ সৈতে জড়িত সকলে শিশুটিৰ স্বাস্থ্যক লৈ গুৰুত্ব নিদিয়াৰ বাবেই শিশুটিৰ মৃত্যু ঘটাৰ অভিযোগ উত্থাপন হৈছে।

প্ৰথমে শিশুটিৰ পিতৃ-মাতৃয়ে ন্যায় দাবী কৰিছিল যদিও পিছত ৰহস্যজনকভাৱে কথাৰ সুৰ সলনি কৰাক লৈও তোলপাৰ লাগিছে সামাজিক মাধ্যমত।