
ৰাজ্যত নতুনকৈ স্থাপন কৰা হ’ব ২০০ টা ছবিগৃহঃ ঘোষণা সীমান্ত শেখৰৰ…
September 24, 2022নিউজ ডেস্কঃ ৰাজ্যত নতুনকৈ স্থাপন কৰা হ’ব ২০০ টা ছবিগৃহ। -এই ঘোষণা কৰে অসম ৰাজ্যিক চলচ্ছিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে।
সীমান্ত শেখৰে জানিবলৈ দিয়া মতে, এই ছবিগৃহ স্থাপন সন্দৰ্ভত বিজ্ঞাপনো দিয়া হৈছে।
খানাপাৰাৰ ষ্টাফ কলেজত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এখন বিশেষ চলচ্ছিত্ৰ কৰ্মশালাত উপস্থিত থাকি এই মন্তব্য কৰে সীমান্ত শেখৰে।
উল্লেখ্য যে, অসম ৰাজ্যিক চলচ্ছিত্ৰ বিত্ত উন্নয়ন নিগমৰ উদ্যোগত খানাপাৰাত অনুষ্ঠিত হৈছে বিশেষ চলচ্ছিত্ৰ কৰ্মশালাখনি।
এই কৰ্মাশালাত কাহিনী, সংলাপ, পৰিচালনা আৰু প্ৰযোজনাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে।
আজি কৰ্মশালাৰ প্ৰথমটো দিনৰ উদ্বোধনী অনুষ্ঠানত সীমান্ত শেখৰৰ উপৰিও উপস্থিত থাকে মন্ত্ৰী বিমল বৰা, ললিত পণ্ডিত, অমৃত প্ৰীতম আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।