ৰাজ্যত প্ৰবল বৰষুণৰ লগতে ধুমুহা-বজ্ৰপাতৰ আগজাননী, ডাৱৰীয়া হৈ থাকিব মহানগৰীৰ আকাশ

নিউজ ডেস্কঃ অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৰষুণৰ লগতে ধুমুহা-বজ্ৰপাতৰ আগজাননী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই।

আইএমডিয়ে সম্ভাৱনা ব্যক্ত কৰা মতে, অহা ৪ দিনলৈ সমগ্ৰ অসমৰ লগতে ছিকিম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠায়ে ঠায়ে মধ্যমীয়া আৰু প্ৰবল বৰষুণ হ’ব। এই সময়ছোৱাত প্ৰতিঘণ্টাত ৩০-৪০ কিলোমিটাৰ গতিবেগত ধুমুহা আৰু বজ্ৰপাতৰো সম্ভাৱনা কৰা হৈছে।

তদুপৰি ১৫ আৰু ১৬ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ওপৰত বহু ঠাইত মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা অতিশয় বেছি।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডাঃ সঞ্জয় অ’নিল শ্ব’ই জানিবলৈ দিয়া মতে, অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু দাঁতি কাষৰীয়া অঞ্চল সমূহত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে মৃদু ধুমুহাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত মহানগৰীৰ তামপান সৰ্বাধিক ৩৪ ডিগ্ৰী চেলছিয়াছৰ পৰা সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ হৈ থাকিব।

উল্লেখ্য যে, মঙলবাৰে মহানগৰীত হোৱা প্ৰবল বৰষুণে ৰুক্মিণীগাঁও, হাতীগাঁও, ডাউনটাউন, তৰুণ নগৰ, ভঙাগড় আদি অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি কৰাত অঞ্চলসমূহত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।