ৰাজ্যৰ চহৰাঞ্চলত দিনৰ ১২ বজাৰ পৰা বলৱৎ হ’ব সান্ধ্য আইন, নিৰ্দেশনা জাৰি

ৰাজ্যৰ চহৰাঞ্চলত দিনৰ ১২ বজাৰ পৰা বলৱৎ হ’ব সান্ধ্য আইন, নিৰ্দেশনা জাৰি

May 15, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত অৰ্দ্ধ তলাবন্ধ বলৱৎ থকা সত্বেও চহৰাঞ্চলত ক’ভিড পৰিস্থিতিৰ বিশেষ উন্নতি ঘটা নাই।

সেয়েহে চহৰাঞ্চলত সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰিছে অসম চৰকাৰে।

নতুন নিৰ্দেশনা অনুসিৰ, কাইলৈ অৰ্থাৎ ১৬ মে’ৰ পৰা গুৱাহাটীকে ধৰি ৰাজ্যৰ চহৰাঞ্চল তথা পৌৰসভা এলেকাসমূহত দিনৰ ১১ বজাতে বন্ধ কৰিব লাগিব সকলাে দােকান-পাহাৰ।

ইয়াৰ লগতে দিনৰ ১২ বজাৰ পৰা কাৰ্যকৰী হ’ব নৈশ সান্ধ্য আইন। পূৰ্বৰ দৰেই পুৱা ৫ বজালৈ বলৱৎ থাকিব সান্ধ্য আইনৰ সময়সীমা।

উল্লেখ্য যে শনিবাৰে তিনিচুকীয়া জিলাৰ ক’ভিড পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰি এই নৈশ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধিৰ পােষকতা কৰিছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ কিছু সময় পাছতেই চৰকাৰীভাৱে এই নিৰ্দেশন জাৰি কৰে ৰাজ্যিক দুৰ্যােগ প্ৰশমন বিভাগে।