ৰাম মন্দিৰলৈ এক কোটি টকাৰ বৰঙণি আগবঢ়ালে গুহাবাসী সন্ন্যাসীয়ে !
January 31, 2021দেশজুৰি চৰ্চিত হৈছে ‘ফক্কৰ বাবা’
নিউজ ডেস্ক। ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ বাবে সমগ্ৰ দেশৰ লগতে বিশ্বৰ অন্যান্য দেশসমূহৰ পৰাও ৰাম ভক্তসকলে দান-বৰঙনি আগবঢ়াইছে।
দেশৰ ৰাষ্ট্রপতি ৰামনাথ কৱিন্দৰ পৰা আৰম্ভ বিভিন্ন লােকে সুবিশাল ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আর্থিক বৰঙণি আগবঢ়াইছে।
কিন্তু ইয়াৰ মাজতে হঠাতে চৰ্চালৈ আহিছে এগৰাকী সন্যাসীৰ নাম, যিগৰাকী সন্যাসী বিগত প্ৰায় ৬੦ বছৰে বাস কৰিছে পৰ্বতৰ গুহাত।
সংসাৰৰ মায়াজালৰ পৰা বহু দূৰত থাকিও ৰাম মন্দিৰ নিৰ্মাণৰ বাবে এক কোটি টকা দান হিচাপে আগবঢ়াইছে স্বামী শংকৰ দাস (৮৫) ওৰফে ‘ফক্কৰ বাবা’ নামৰ সাধুগৰাকীয়ে।
ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দান-বৰঙনি সংগ্রহ অভিযান চলি থকাৰ খবৰ লাভ কৰি নিজেও অনুদান দিয়াৰ বাবে মনস্থিৰ কৰে। তাৰ বাবেই তেওঁ উপস্থিত হয়গৈ ভাৰতীয় ষ্টেট বেংকৰ ঋষিকেশ শাখাত।
বেংকৰ বিষয়াসকলক সাধুজনে জনায় যে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে তেওঁ এক কোটি টকা দান দিব। লগতে সাধুজনে এক কোটি টকাৰ এখন চেক তেওঁলােকৰ হাতত তুলি দিয়ে।
83 yr old seer Swami Shankar Das, living in Rishikesh cave for 6 decades donated 1 crore to Ram mandir, Ayodhya.
— Amar Prasad Reddy
He says, his dream of seeing the mandir urged him to contribute whatever he received as donations from his devotees. #RamMandirSamarpanStorypic.twitter.com/NsDUBqfTX7 (@amarprasadreddy) January 30, 2021
এই ঘটনাত স্বাভাৱিকতেই হতবাক হৈ পৰে বেংকৰ বিষয়াসকল। তেওঁলােকে ততাতৈয়াকৈ বিশ্ব হিন্দু পৰিষদৰ স্থানীয় বিষয়ববীয়াক বেংকলৈ মাতি পঠায়।
বিশ্ব হিন্দু পৰিষদৰ কর্মকর্তাৰ হাতত পােনপটীয়াকৈ উক্ত চেক তুলি দিয়ে স্বামী শংকৰ দাসে।
এই সন্দৰ্ভত সাধুজনে কয় যে ৰাম মন্দিৰৰ নিৰ্মাণৰ বাবে সহযােগিতা আগবঢ়ােৱাই মােৰ জীৱনৰ স্বপ্ন আছিল।
উল্লেখ্য যে ‘ফক্কৰ বাবা’ৰ এই অনুদানৰ বিষয়টো প্ৰচাৰ হােৱাৰ লগে লগে বিভিন্ন মহলত প্রতিক্রিয়াও হৈছে। কোনাে লােকে গুহাত বাস কৰি ইমান টকা কেনেকৈ সংগ্রহ কৰিব পাৰে বুলিও প্রশ্ন উঠিছে।
সাধুজনৰ এই ধনৰ উৎসক কেন্দ্ৰ কৰিও প্রশ্ন উঠিছে। কিন্তু বিগত পাঁচ দশকত ভক্তসকলৰ পৰা দান-বৰঙনিৰ হিচাপে লাভ কৰা ধন সংগ্ৰহ কৰিয়েই বাবাই ইমান ধন দান হিচাপে আগবঢ়ালে বুলি জানিব পৰা গৈছে।