ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত বিধ্বস্ত মালবাহী ট্ৰাক, CCTV কেমেৰাত বন্দী দৃশ্য

নিউজ ডেস্ক। এক গাৰ নোম শিয়ৰি উঠা পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে পথৰ মাজৰ ডিভাইদাৰত।

ট্ৰাকৰ খুন্দাত কেবিনৰ পৰা ওলাই বহু দূৰলৈ উফৰি পৰে চালক আৰু ট্ৰাক বাগৰি হৈ পৰে টুকুৰা-টুকুৰ।

এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় মধ্য প্ৰদেশৰ নাগপুৰ-জবলপুৰ ৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰমনপুৰ ঘাটিত। চি চি টিভিত বন্দী হোৱা সেই দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

দৃশ্যটোত দেখা অনুসৰি, পথটোত তীব্ৰ বেগত আহি আছে এখন ট্ৰাক। সেইডোখৰত আছিল এক টাৰ্ণিং। ট্ৰাকখন ইমানেই জোৰত আহিছিল যে চালকে ট্ৰাকখন নিয়ন্ত্ৰণ কৰিবলৈ অসমৰ্থ হয়। সেয়েহে ট্ৰাকখনে তীব্ৰ জোৰত খুন্দা মাৰে পথৰ মাজৰ ডিভাইদাৰত।

ডিভাইদাৰত ট্ৰাকখনে খুন্দা মৰাৰ লগে লগেই চালকৰ আসনত থকা চালক উফৰি উৰি আহি কিছুদূৰত পৰেহি পথত। সেইয়া যেন এক চিনেমাৰ দৃশ্যহে। ট্ৰাকখনে দুই বাগৰ মাৰি পৰে সোঁফালৰ পথত। লগে লগে ট্ৰাকখন ভাঙি ছিন্ন ভিন্ন হৈ পৰে।

অৱশ্যে সৌভাগ্যক্ৰমে পথটোত আন গাড়ী বা লোক অহা নাছিল বাবে আহত বা নিহত হোৱা নাছিল কোনো।

উল্লেখ্য যে এই ভয়ংকৰ দুৰ্ঘটনাত ট্ৰাকখনৰ চালকজনৰ মৃত্যু নহয় যদিও গুৰুতৰভাৱে আহত হয় চালক। ঘটনাৰ পিছতেই স্থানীয় লোকে তাৎক্ষণিকভাৱে চালকজনক প্ৰেৰণ কৰে চিকিৎসালয়লৈ।

Leave a Comment