ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসমৰ বনস্মিতা, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক উপহাৰ দিলে নিজে অংকন কৰা চিত্ৰ…

ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসমৰ বনস্মিতা, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক উপহাৰ দিলে নিজে অংকন কৰা চিত্ৰ…

December 15, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল অসমৰ বনস্মিতা।

কেন্দ্ৰীয় শক্তি মন্ত্ৰণালয়ে অনুষ্ঠিত কৰা চিত্ৰাংকণ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি উজ্বলি উঠে অসম কন্যা বনস্মিতা কাশ্যপ।

তাৰ পিছতে বুধবাৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা বনস্মিতাই গ্ৰহণ কৰে পুৰস্কাৰ।

উল্লেখ্য যে, শক্তি সংৰক্ষণৰ ওপৰত যোৱা ১১ ডিচেম্বৰত কেন্দ্ৰীয় শক্তি মন্ত্ৰণালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰিছিল এখন চিত্ৰাংকণ প্ৰতিযোগিতাৰ।

এই প্ৰতিযোগিতাত অংশ লৈ ‘খ’ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় গুৱাহাটী পাব্লিক স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী বনস্মিতা কাশ্যপে।

ইয়াৰ পিছতে বুধবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হয় প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান।

য’ত দেশৰ ৰাষ্ট্ৰপতিয়ে বনস্মিতাক বঁটা প্ৰদান কৰে।

তদুপৰি শক্তি মন্ত্রালয়ে বনস্মিতাই অংকন কৰা ছবিখন ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক উপহাৰ হিচাপে প্ৰদান কৰে।

উল্লেখযোগ্য যে ২০১৮ চনতো শক্তি মন্ত্ৰালয়ৰ অধীনত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্রাংকণ প্রতিযোগিতাত বনস্মিতা কাশ্যপে সফলতা অৰ্জন কৰিছিল।

ৰূপবর্ণম ফাইন আৰ্টৰ অধ্যক্ষ অনুপ কুমাৰ শৰ্মাৰ তত্ত্বাৱধানত চিত্ৰাংকণৰ অনুশীলন কৰা বনস্মিতা গুৱাহাটীৰ বতাহঘুলিৰ বাসিন্দা প্ৰশান্ত দাস আৰু গীনিতা দাসৰ জীয়াৰী।