ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হাতী পোৱালিয়ে দমকল মাৰি খালে পানী! ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। এক বিশেষ দৃশ্য। যিটো দৃশ্যত দেখা পোৱা গৈছে যে এটা হাতী পোৱালিয়ে নিজৰ পিয়াহ নিবাৰণৰ বাবে এটা দমকলৰ পৰা পানী উলিয়াই খাইছে।

হাবিৰ পৰা ওলাই আহি জনবসতি পূৰ্ণ এলেকাত থকা দমকলৰ পৰা পানী উলিয়াই খোৱা হাতী পোৱালিটোৰ দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এই দৃশ্য পশ্চিম বংগৰ আলিপুৰদুৱাৰ জিলাৰ জলদাপাৰা অঞ্চলৰ।

জানিব পৰা মতে, ৯ মহীয়া পোৱালি হাতীটো জন্ম হৈছিল জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানত।

পোৱালিটোৱে উদ্যানখনৰ পৰা ওলাই আহি এক জনবসতি পূৰ্ণ এলেকা পায়। তাতে সি এটা দমকল প্ৰত্যক্ষ কৰে।

আৰু লগে লগেই মানুহৰ দৰে অভিজ্ঞতা থকা নিচিনাকৈ দমকলৰ হেণ্ডেল মাৰি পানী উলিয়াই খায়।

হাতী পোৱালিটোৰ সেই দৃশ্য প্ৰত্যক্ষ কৰে স্থানীয় লোকে। আৰু লগে লগেই মোবাইল কেমেৰাত বন্দী কৰে সেই দৃশ্য।

উল্লেখ্য যে হাতী পোৱালিটোৰ মাতৃক উদ্ধাৰ কৰি কৰ্তৃপক্ষই প্ৰেৰণ কৰে ৰাষ্ট্ৰীয় উদ্যানখনলৈ।

পোৱালিটোৰ পানী খোৱা দৃশ্য বৰ্তমান দ্ৰুত হাৰত ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

Leave a Comment