ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত থিতাতে মৃত্যু কণমানি নাৰ্গিছৰ

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন অঞ্চলত অবৈধভাবে মাটি কঢ়িওৱা একাংশ ট্ৰেক্টৰৰ বাবে সঘনাই সংঘটিত হৈছে পথ দুৰ্ঘটনা।

তেনে এক অনুৰূপ ঘটনা সংঘটিত হ’ল বৰপেটাৰােডত, য’ত এখন মাৰুতি ইক’ বাহনৰ সৈতে মাটি কঢ়িওৱা ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষৰ ফলত এগৰাকী কণমানিয়ে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয়।

জানিব পৰা মতে, বৰপেটাৰোডৰ সমীপৰ বি এইচ কলেজৰ কাষৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুৱা এই শোকাৱহ পথ দুৰ্ঘটনাটাে সংঘটিত হয়।

এই দুৰ্ঘটনাত এজনী ছোৱালীৰ মৃত্যু হোৱাৰ লগতে আহত হয় আন তিনিজন লোক।

নিহত ছোৱালীজনী হৈছে তামুলপুৰৰ সাত বছৰ বয়সৰ নাৰ্গিছ পাৰবীন।

অনহাতে, আহত তিনিজন হৈছে হাউলীৰ ২৩ বছৰীয়া যুৱক মুলকেশ মল্লিক, হাজেৰা খাতুন আৰু মজ্জেন মল্লিক।

জানিব পৰামতে, মৃত নাগ্ৰিছে তামুলপুৰৰ পৰা পৰিয়ালৰ সৈতে হাউলীত থকা ককাকৰ ঘৰলৈ বিয়া খাবলৈ আহিছিল।

পুৱা মাৰুতি ইক’ গাড়ীৰে চাৰিওজন বৰপেটাৰোডলৈ আহিছিল ট্ৰেইনেৰে ঘৰলৈ যোৱাৰ বাবে। কিন্তু সময়মতে ৰে’ল ষ্টেচন আহি নোপোৱাত পুনৰ হাউলীৰ কদমগুৰিলৈ গাড়ীখনেৰে উভতি গৈছিল।

ওভতাৰ পথত বি এইচ কলেজৰ সমীপত গাড়ীখনৰ সৈতে বিপৰীত দিশৰ পৰা অহা মাটি কঢ়িওৱা ট্ৰেক্টৰ এখনৰ লগত মুখামুখী সংঘৰ্ষ হয়।

ফলত ভেনখন চূৰ্ণ-বিচূৰ্ণ হয় আৰু থিতাতে নিহত হয় নাৰ্গিছ পাৰবীন।

বাকী তিনিজনক পাছত বৰপেটাৰোড গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰা হয়। ইয়াৰে মুকলেশ মল্লিকৰ অৱস্থা সংকটজনক হোৱাত তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

লগতে চাওকঃ

আজব কাণ্ড! প্ৰদেশ কংগ্ৰেছৰ নেত্ৰী ববিতা শৰ্মালৈ ‘বিধৱা পেঞ্চন’ গ্ৰামােন্নয়ন বিভাগৰ!

Leave a Comment