ৰাষ্ট্ৰীয় পৰ্যায়ৰ দেহশ্ৰী প্ৰতিযােগিতাত পদক জয় অসমৰ গুৰিয়া খাতুনৰ

নিউজ ডেস্ক। ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ এক সুখবৰ।

উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্নৌত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দেহশ্ৰী প্ৰতিযোগিতাত উজলি উঠিল অসম কন্যা গুৰিয়া খাতুন।

লক্নৌত অনুষ্ঠিত ফেডাৰেচন কাপ ৰাষ্ট্ৰীয় দেহশ্ৰী প্ৰতিযোগিতাৰ ব্ৰঞ্জৰ পদক জয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে খাতুনে।

উল্লেখ্য মহিলা স্প’ৰ্টছ্ মডেল ফিজিক ইভেণ্টত এই সাফল্য লাভ কৰে খেলুৱৈগৰাকীয়ে।

জানিব পৰা মতে, গুৰিয়া খাতুনে মহিলা স্প’ৰ্টছ মডেল ফিজিক ইভেণ্টৰ ১৬২ চেণ্টিমিটাৰ ঊৰ্ধ্বত অংশগ্ৰহণ কৰিছিল।

উল্লেখ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ব’ডী বিল্ডিং আৰু ফিটনেছ ইভেণ্টত অসম মহিলা শৰীৰ চৰ্চাবিদৰ এয়া প্ৰথমটো পদক।

Leave a Comment